NORTHEAST NOW (Assamese)

Asian Games 2023: বক্সিঙৰ ফাইনেলত প্ৰৱেশ লাভলিনাৰ; নিশ্চিত কৰিলে পেৰিছ অলিম্পিকৰ টিকটো

October 3, 2023 2:05 pm · এন ই নাও নিউজ, গুৱাহাটী

বক্সিঙত পদক নিশ্চিত কৰিলে লাভলিনা বৰগোহাঁয়ে। মঙলবাৰে এছিয়ান গেমত অসম কন্যাগৰাকীয়ে মহিলাৰ ৭৫ কেজি শাখাত থাইলেণ্ডৰ মহিলা বক্সাৰ বাইছন মানিকনক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

ফাইনেলত প্ৰৱেশ কৰি লাভলিনাই অন্ততঃ ৰূপৰ পদক লাভ কৰাটো নিশ্চিত হৈছে। একে সময়তে লাভলিনাই পেৰিছ অলিম্পিকৰ টিকট লাভ কৰিছে।

লগতে পঢ়কঃ যশস্বীৰ দুৰ্দান্ত শতক; এছিয়ান গেমছত বিজয়েৰে অভিযান আৰম্ভ কৰিলে ভাৰতে

সোমবাৰ আছিল লাভলিনাৰ জন্মদিন। ভাৰতৰ মহিলা বক্সাৰগৰাকীয়ে আজি  ফাইনেলত প্ৰৱেশ কৰি জন্মদিনৰ উপহাৰ লাভ কৰিলে। ২০২০ চনত টকিঅ’ অলিম্পিকত পদক লাভ কৰিছিল লাভলিনাই। এইবাৰ এছিয়ান গেমছতো তেওঁৰ পিনে চাই ৰৈছে দেশে।

আজি ৫৪ কেজি শাখাত ভাৰতৰ প্ৰীতি পাৱাৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ইতিমধ্যে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে লাভলিনা (৭৫ কেজি), প্ৰীতি পাৱাৰ (৫৪ কেজি) আৰু প্ৰবীণ (৫৭ কেজি)য়ে।

লগতে পঢ়কঃ কূটনীতিবিদৰ সংখ্যা কমাওক নহ’লে…! সংঘাতৰ মাজতে কানাডাৰ দূতাবাস বন্ধৰ সকীয়নি দিল্লীৰ

ইপিনে, বেডমিণ্টনত ভাৰতৰ পিভি সিন্ধুৱে চীনা টাইপেই খেলুৱৈগৰাকীক ২১-১০, ২১-১৫ ব্যৱধানত পৰাস্ত কৰে। খেলখনত তেওঁ আধিপত্য দেখুৱাইছিল। ৪২ মিনিটৰ যুঁজখনত জয়লাভ কৰি সিন্ধুৱে অন্তিম ষোল্লত প্ৰৱেশ কৰে। কমনৱেলথ গেমছত সোণৰ পদক জয় কৰাৰ পিছত তেওঁ আঘাতৰ বাবে খেলপ পৰা বাহিৰত আহিছিল। কিন্তু এছিয়ান গেমছত সিন্ধুক ক’ৰ্টত সাৱলীলভাৱে খেলা দেখা গৈছে। 

Related News