ভাৰতে এছিয়ান গেমছত পুৰুষৰ ক্ৰিকেটত জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিলে। প্ৰথম কোৱাৰ্টাৰ ফাইনেলত নেপালক ২৩ ৰানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ফলত এছিয়ান গেমছত পদক লাভৰ ওচৰ চাপিছে টীম ইণ্ডিয়া। মঙলবাৰে ভাৰতৰ যুৱ দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন কৰে। যশস্বী জয়ছোৱাল আৰু ৰিংকু সিঙে সকলোৰে দষ্টি কাঢ়িলে।
অধিনায়ক ঋতুৰাজ গাইকোৱাডে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। সিদ্ধান্ত অনুসৰি ফলাফলো আহে। ঋতুৰাজ আৰু যশস্বীয়ে অ’পেন কৰি ১০৩ ৰান সংগ্ৰহ কৰে। যশস্বীয়ে শতক অৰ্জন কৰাৰ বিপৰীতে ঋতুৰাজে মাত্ৰ ২৫ ৰান সংগ্ৰহ কৰি উভতি যায়। যশস্বীয়ে মাত্ৰ ৪৮ টা বলতে শতৰাণ কৰে। কিন্তু বিফল হ’ল তিলক বাৰ্মা। তেওঁ সোমপাল কামিৰ বলত মাত্ৰ ২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। জিতেশ শৰ্মাও ব্যৰ্থ হয়। তেওঁ মাত্ৰ ৫ ৰানহে সংগ্ৰহ কৰে।
লগতে পঢ়কঃ ঔষধৰ অভাৱ! চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত ১২ টি নৱজাতককে ধৰি ২৪ জনৰ মৃত্যু
অৱশ্যে টপ অৰ্ডাৰ যুটীৰ ব্যৰ্থতাৰ পিছতো অভিজ্ঞ শিৱম ডুবেই খেলখনত গতি আনি দিয়ে। তেওঁৰ লগত আছিল ৰিংকু সিং। যোৱা আই পি এলৰ পৰা বেলেগ ৰূপত দেখা গৈছে ৰিংকুক। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল। শিৱমে ১৯ বলত ২৫ ৰান আৰু ৰিংকু সিঙে ১৫ বলত ৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।
নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ৪টা উইকেট হেৰুৱাই ভাৰতে ২০২ ৰান সংগ্ৰহ কৰে। নেপালৰ হৈ দিপেন্দ্ৰ সিঙে দুটা উইকেট দখল কৰাৰ বিপৰীতে সোমপাল কামি আৰু সন্দীপ লামিচানে এটাকৈ উইকেট দখল কৰে।
লগতে পঢ়কঃ এতিয়াৰ ক্ৰিকেটাৰসকল যদি পঞ্চাশৰ দশকত জন্মিলেহেঁতেন কেনেকুৱা হ’লহেঁতেন চেহেৰা? চাওক ভাইৰেল ভিডিঅ’
জয়ৰ বাবে ৰাণ অনুসৰণ কৰি নেপালে আশা কৰা ধৰণে আৰম্ভণি নাপালে। কিন্তু তেওঁলোকে চেষ্টা চলাইছিলে। কুশল ৱুৰ্টেল আৰু আছিফ শ্বেখে অপেনিং কৰি ২৯ ৰান সংগ্ৰহ কৰে। তিনি নম্বৰত বেটিং কৰিবলৈ নমা কুশল মাল্লাই ২৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক ৰোহিত পৌডেলে মাত্ৰ ৩ ৰানহে কৰে। দিপেন্দ্ৰ সিং আইৰেই ৩২ ৰান আৰু সন্দীপ জোৰাই ২৯ ৰান সংগ্ৰহ কৰে।
কিন্তু নেপালৰ সমস্যা হ’ল তেওঁলোকৰ কোনেও ডাঙৰ স্কৰ কৰিব নোৱাৰিলে। দীপেন্দ্ৰ সিঙে সৰ্বাধিক ৩২ ৰান সংগ্ৰহ কৰে। এটা ডাঙৰ ইনিংছে নেপালক সুবিধাজনক স্থানলৈ লৈ গ’লহেঁতেন। কিন্তু শেষত তেওঁলোকে চেষ্টা কৰিও নিৰ্দ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৭৯ ৰানহে সংগ্ৰহ কৰে।
লগতে পঢ়কঃমৰ্মান্তিক! দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথৰ দাঁতিত শুই থকা শ্ৰমিকক, মৃত্যু ৫ জনৰ
ভাৰতৰ হৈ ৰবি বিষ্ণোই আৰু আবেশ খানে তিনিটাকৈ উইকেট দখল কৰে। অৰ্শদীপ সিঙে দুটা উইকেট দখল কৰে। সাই কিশোৰে লয় এটা উইকেট।