NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ চীফ অৱ দ্য ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে নিযুক্ত অসমৰ ৰাণা প্ৰতাপ কলিতা

January 25, 2022 8:13 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় সেনাৰ চীফ অৱ দ্য ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক। উল্লেখ্য যে এই পদবী ভাৰতীয় সেনাৰ অন্যতম শীৰ্ষ পদবী হিচাপে গণ্য কৰা হয়।

অসমৰ ৰঙিয়াৰ বাসিন্দা লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে এই পদবী লাভ কৰা প্ৰথম সেনা বিষয়া হিচাপে পৰিগণিত হৈছে।

ৰাণা প্ৰতাপ কলিতা গোৱালপাৰাৰ সৈনিক বিদ্যালয়ৰ ছাত্ৰ আছিল। তদুপৰি তেওঁ সন্মানীয় ভাৰতীয় সামৰিক একাডেমী (আইএমএ)ৰ প্ৰাক্তন ছাত্ৰ আছিল।

১৯৮৪ চনত তেওঁ ভাৰতীয় সেনাৰ কুমাওঁ ৰেজিমেণ্টত যোগদান কৰিছিল।কলিতাই ভাৰতীয় সেনাৰ কলকাতাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

সেনা পদক আৰু বিশিষ্ট সেৱা পদকৰে সন্মানিত ৰাণা প্ৰতাপ কলিতাই ২০২১ চনত যুদ্ধকালীন বিশিষ্ট সেৱাৰ বাবে উত্তম যুদ্ধ সেৱা পদক লাভ কৰিছিল।

উল্লেখ্য যে তেখেতে জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ কমাণ্ডাৰ আৰু ৰাষ্ট্ৰসংঘৰ পৰ্যবেক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বাৰামুলা নিয়ন্ত্ৰণ ৰেখাত 19 তম পদাতিক বিভাগৰ কমাণ্ডিং কৰাৰ বাবে তেওঁক ২০১৮ চনত অতি বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছিল।

নানা বিদ্ৰোহী বিৰোধী অভিযানৰ লগতে অপাৰেচন ৰাইনো আৰু অপাৰেচন বজৰঙৰো অংশ আছিল ৰাণা প্ৰতাপ কলিতা।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ভাস্কৰ জ্যোতি মহন্তই এক টুইট যোগে ৰাণা প্ৰতাপ কলিতাৰ সাফল্যৰ বাবে অভিনন্দন জনায়।

 

Related News