NORTHEAST NOW (Assamese)
Popular Stories

ছয় লাখ টকাৰ লাবুবু পুতলা লৈ পলায়ন মাস্ক পিন্ধা এদল চোৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 14, 2025 9:17 am

২০১৯ চনৰ পৰা বজাৰত উপলব্ধ হৈছিল এটা বিশেষ পুতলা লাবুবু। যদিও ২০১৯ চনতে এই পুতলাটো বজাৰলৈ আহিছিল, ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল লাবুবুক লৈ এক সৰৱ চৰ্চা। কে-পপ বেণ্ড ‘ব্লেকপিংক’ৰ এগৰাকী শিল্পী লিজাই ইনষ্টাগ্ৰামত লাবুবু পুতলাৰ এখন ছবি পোষ্ট কৰিছিল। তেতিয়াৰ পৰাই এই পুতলাটোক লৈ হুলস্থুল আৰম্ভ হৈছে।

অৱশ্যে এইবাৰ এই বিশেষ পুতলাটো চৰ্চালৈ আহিছে অন্য এটা কাৰণতহে।

প্ৰাপ্ত খবৰ অনুসৰি নিশাৰ আন্ধাৰত হঠাৎ মাস্ক পৰিধান কৰা যুৱক-যুৱতীৰ এটা দলে ষ্ট’ৰত ধুমুহাৰ সৃষ্টি কৰে। বস্তুৰে ভৰি থকা দোকানখনত চোৰৰ দলটোৰ চকু   আছিল এটা পুতলাৰ ওপৰত। চোৰৰ দলটোৱে সেই বিশেষ লাবুবু পুতলা এটা লৈ পলায়ন কৰে। পুতলাটোৰ দাম আছিল সাত হাজাৰ মাৰ্কিন ডলাৰ যিটো ভাৰতীয় মুদ্ৰাত ছয় লাখ টকাতকৈও অধিক হ’ব।

উল্লেখ্য যে আমেৰিকাৰ লছ এঞ্জেলছৰ পৰা ২৯ কিলোমিটাৰ পূবে থকা এখন ষ্ট’ৰত সংঘটিত হৈছে এই ঘটনা। দোকানখনত বিভিন্ন ধৰণৰ পুতলা বিক্ৰী কৰা হয়। কেৱল সেয়াই নহয়, তাত বিভিন্ন উপহাৰৰ সামগ্ৰীও পোৱা যায়।

যোৱা বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা। লছ এঞ্জেলছ কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে জনোৱা মতে, চুৰিৰ খবৰ পোৱাৰ লগে লগে তদন্ত আৰম্ভ হয়। কেইঘণ্টামানৰ ভিতৰতে লাবুবু পুতলাটোৰ লগতে চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰিছে।