NORTHEAST NOW (Assamese)
অসম

২৮ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ ঐতিহাসিক শিৱদ’ল চৌহদ অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ February 26, 2022 5:15 pm
২৮ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ ঐতিহাসিক শিৱদ’ল চৌহদ অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা

১৭৩৪ খ্ৰীষ্টাব্দত নিৰ্মিত তথা এছিয়াৰ ভিতৰতে সৰ্বোচ্চ সোণৰ কলচিযুক্ত ঐতিহাসিক শিৱ দ’লত আহোম যুগৰে পৰা শিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰি অহা হৈছে।

বিগত দুটা বৰ্ষত ক’ভিডৰ বাবে শিৱৰাত্ৰি পূজা ভালকৈ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল যদিও এইবাৰ ক’ভিড পৰিস্থিতি শাম কটাৰ পৰিপ্ৰেক্ষিতত উলহ- মালহেৰে শিৱৰাত্ৰি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

শিৱৰাত্ৰি উপলক্ষ্যে ঐতিহাসিক শিৱদ’ল চৌদিশে আলোকসজ্জাৰে সজাই- পৰাই তোলা হৈছে ।

শিৱৰাত্ৰিৰ চতুৰ্দশী পূজা আৰম্ভ হব ১ মাৰ্চৰ দিনৰ ১ বাজি ৪৯ মিনিটৰ পৰা ।২ মাৰ্চৰ নিশা ১২ বাজি ১৬ মিনিটলৈ পূজা চলি থাকিব। এই কথা জনালে শিৱদ’লৰ মুখ্য পূজাৰীয়ে।

ইপিনে শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি দৌল চৌহদৰ চাৰিওকাষে অনুষ্ঠিত হব এক বৃহৎ মেলা। এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

শিৱৰাত্ৰি উপলক্ষ্যে অনুষ্ঠিত হবলগীয়া আধ্যাত্মিক- সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কন্ঠশিল্পী কল্পনা পাটোৱাৰী, বিদ্যাসাগৰ আৰু কমলা গগৈয়ে।

শ্ৰী শ্ৰী শিৱৰাত্ৰী পূজা আৰু মেলা সফল কৰি তুলিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি জানিবলৈ দিছে দ’ল উন্নয়ন পৰিষদৰ সম্পাদক বসন্ত গগৈয়ে।