NORTHEAST NOW (Assamese)

২৯৬ ৰানৰ লক্ষ্য খেদি মাত্ৰ ৭৮ ৰানতে অলআউট; মহাৰাষ্ট্ৰৰ বিৰুদ্ধে বৰ্ষাপাৰত নিৰ্লজ্জ পৰাজয় অসমৰ

January 22, 2020 3:00 pm · এন ই নাও নিউজ
মহাৰাষ্ট্ৰৰ দলটো

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ-চিৰ ষষ্ঠ ৰাউণ্ড এখন খেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে লজ্জাজনক পৰাজয় স্বীকাৰ কৰিছে ঘৰুৱা দল অসমে।

প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰাৰ পাছতো খেলৰ অন্তিম দিনা অতি নিকৃষ্টমানৰ বেটিং প্ৰদৰ্শনেৰে অসমে ২১৮ ৰানৰ বিশাল ব্যৱধানত পৰাজয় বৰণ কৰে।

উল্লেখযোগ্য যে, খেলখনত মহাৰাষ্ট্ৰই প্ৰথমে বেটিং কৰি ১৭৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অসমে নিজৰ প্ৰথম ইনিংছত ২৪৪ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছৰ গুৰুত্বপূৰ্ণ অগ্ৰগতিৰে তিনি পইণ্ট নিশ্চিত কৰিছিল।

আনহাতে, প্ৰথম ইনিংছত পাছ পৰি ৰোৱা মহাৰাষ্ট্ৰই নিজৰ দ্বিতীয় ইনিংছত দৃঢ়তাপূৰ্ণ বেটিঙেৰে ৩৬৫ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে।

অসমক খেলৰ চতুৰ্থ তথা অন্তিম দিনা জয়ৰ বাবে প্ৰয়োজন আছিল ২৮৫ ৰান। হাতত আছিল ১০ টা উইকেট আৰু বৰ্ষাপাৰাৰ পৰিচিত উইকেট।

অসমে বেটিঙত চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি মাত্ৰ ৭৮ ৰানতে দ্বিতীয় ইনিংছ সামৰি ২১৮ ৰানৰ বিশাল পৰাজয় স্বীকাৰ কৰে।

অসমৰ হৈ দ্বিতীয় ইনিংছত চাহিল জৈনে সৰ্বাধিক ১৯ ৰান কৰাৰ বিপৰীতে ৮ গৰাকী বেটছমেনে দহকৰ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে।

মহাৰাষ্ট্ৰৰ হৈ অক্ষয় পালকাৰে দৰ্শনীয় বলিঙেৰে ছয়টা উইকেট দখল কৰে। এই বিজয়েৰে মহাৰাষ্ট্ৰই খেলখনত চাৰি পইণ্ট সংগ্ৰহ কৰে।

Related News