NORTHEAST NOW (Assamese)

পাঁচ বছৰত সম্পত্তি বৃদ্ধি পাইছে ৫৭৫ শতাংশ; নিজকে ‘সৎ’ বুলি দাবী মহাৰাষ্ট্ৰৰ এইগৰাকী বিজেপি প্ৰাৰ্থীৰ

October 31, 2024 12:34 pm · এন ই নাও নিউজ, গুৱাহাটী
মহাৰাষ্ট্ৰ নিৰ্বাচনত আটাইতকৈ ধনী প্ৰাৰ্থী পৰাগ শ্বাহ। ফটোঃ সংগ্ৰহীত।

সন্মুখত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। প্ৰায় ৮ হাজাৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দেখা গৈছে যে প্ৰাৰ্থীসকলে দাখিল কৰা শপতনামাত বিজেপিৰ পৰাগ শ্বাহ আটাইতকৈ ধনী প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে। তেওঁ মহাৰাষ্ট্ৰৰ ঘাটকোপাৰ পশ্চিমৰ বিধায়ক।

২০১৯ চনৰ নিৰ্বাচনী শপতনামাত তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫৫০.৬২ কোটি টকা। এইবাৰ ২০২৪ চনৰ নিৰ্বাচনী শপতনামাত তেওঁ উল্লেখ কৰিছে যে তেওঁৰ সম্পত্তিৰ পৰিমান ৩৩৮৩.০৬ কোটি টকা। অর্থাৎ ৫ বছৰত বিজেপি বিধায়কজনৰ সম্পত্তি ৫৭৫ শতাংশ বৃদ্ধি পালে। তাৰ পাছতো বিধায়কজনে নিজকে ‘সৎ’ বুলি দাবী কৰিলে!

পৰাগ কিশোৰচন্দ্ৰ শ্বাহ এজন ৰিয়েল এষ্টেট ব্যৱসায়ী। ২০১৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে বিএমচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সময়ত তেওঁ আৰু তেওঁৰ পত্নীৰ নামত ৬৯০ কোটি টকাৰ সম্পত্তিৰ হিচাপ দিছিল।

লগতে পঢ়কঃ অমানৱীয় কাণ্ড! মঙলদৈত দুৰ্ঘটনাৰ পিছত প্লাষ্টিকেৰে বন্ধা মৃতদেহ চোচৰাই নিলে আৰক্ষীয়ে

এইগৰাকী ‘সৎ’ বিধায়কৰ ভাষাত টকা এজন মানুহৰ বাবে সম্পত্তি নহয়, তেওঁৰ চিন্তাহে৷ বহুতৰ হাতত টকা আছে। কিন্তু টকাৰ সঠিক ব্যৱহাৰ জানিব লাগিব। ভগৱানে মোক সকলো দিছে। এতিয়া মইও দেশক কিবা এটা ঘূৰাই দিয়া উচিত। মই এজন নেতা, ব্যৱসায়ী আৰু দানশীল। মোৰ উপাৰ্জনৰ ৫০ শতাংশ সমাজ সেৱাত দিওঁ।’

পৰাগ শ্বাহ এম আই চি আই গ্ৰুপৰ অধ্যক্ষ। ২৫ বছৰ ধৰি এই সংগঠনৰ লগত জড়িত হৈ আছে। অৱশ্যে তেওঁ নিজকে ‘সৎ’ বুলি দাবী কৰে। 

Related News