NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনত নিলাম হ’ব জাতিৰ পিতাৰ স্বৰ্ণ খচিত চছমা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 10:47 am
mahatma

চছমা আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে।

জাতিৰ পিতাৰ ছবি খন মনলৈ আহিলেই তেওঁৰ চছমা পিন্ধি থকা ছবি খনেই সকলোৰে চকুত ভাঁহি উঠে।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে পৰিধান কৰা এযোৰ চছমাই নিলাম হ’বলৈ ওলাইছে ব্ৰিটেইনত। দক্ষিণ-পশ্চিম ইংলেণ্ডৰ হানহাম নামৰ অঞ্চলটোত নিলাম হ’বলগীয়া জাতিৰ পিতাৰ চছমা যোৰৰ নিলাম মূল্য ১০,০০০ৰ পৰা ১৫,০০০ হাজাৰ পাউণ্ডলৈ উঠিব বুলি নিলামকাৰী প্ৰতিষ্ঠান ইষ্ট ব্ৰিষ্টল অকছনৰ কৰ্মকৰ্তা এণ্ডি ষ্টৱে আশা কৰিছে।

ষ্টৱে প্ৰকাশ কৰা মতে স্বৰ্ণ খচিত চছমাযোৰ মহাত্মা গান্ধীয়ে এজন বিশেষ ব্যক্তিক উপহাৰ স্বৰুপে দিছিল।

সেই লোক জন আছিল ব্ৰিটিছ পেট্ৰলিয়াম কোম্পানীত কাম কৰা এজন লোক।

লোকজনৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে ১৯২০ চনত মহাত্মা গান্ধীয়ে চছমা যোৰ তেওঁক উপহাৰ হিচাবে দিছিল।

গোল কাঁচেৰে দেখিবলৈ ধুনীয়া চছমা যোৰৰ প্ৰতি বহুতেই আকৰ্ষণ অনুভৱ কৰা পৰিলক্ষিত হৈছে। এণ্ডি ষ্টৱেৰ মতে চছমা যোৰ ১৯২০ চনৰে হ’ব।

কাৰণ ১৯২০ চনৰ আগলৈকে মহাত্মা গান্ধীয়ে চছমা পিন্ধা নাছিল।

তেওঁ বহু প্ৰিয় ব্যক্তিক তেনেদৰে আন বহু সামগ্ৰী উপহাৰ হিচাবে দিয়া বুলিও ষ্টৱে কয়।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰা এই অমূল্য সম্পদ ২১ আগষ্টত নিলাম হোৱাৰ কথা।