NORTHEAST NOW (Assamese)

ৰজোনিবৃত্তিৰ পিছত কিদৰে বজাই ৰাখিব যৌন স্বাস্থ্য? ৫০ বছৰৰ পিছতো লাভ কৰক যৌন আনন্দ

September 10, 2023 7:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 10, 2023 7:34 pm

ৰজোনিবৃত্তিৰ পিছত যৌন স্বাস্থ্য বজাই ৰখাটো এগৰাকী মহিলাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ৰজোনিবৃত্তি এগৰাকী মহিলাৰ জীৱনৰ এটা স্বাভাৱিক পৰ্যায়। যেতিয়া এগৰাকী মহিলাৰ ঋতুচক্ৰ বন্ধ হয় বা মাহেকীয়া হোৱা বন্ধ হ’বলৈ আৰম্ভ কৰে সেই অৱস্থাটোকে ৰজোনিবৃত্তি বুলি জনা যায়।

সাধাৰণতে প্ৰায় ৫০ বছৰৰ আশেপাশে মহিলাসকলৰ এই ৰজোনিবৃত্তি প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ ধৰে। এই সময়ছোৱাত হৰম’নৰ পৰিৱৰ্তনে বিভিন্ন শাৰীৰিক আৰু যৌন স্বাস্থ্যৰ পৰিৱৰ্তন ঘটাব পাৰে। সেয়ে ৰজোনিবৃত্তিৰ  সময়ত যৌন বা শাৰীৰিক স্বাস্থ্য বৰ্তাই ৰখাটো অতি জৰুৰী হৈ পৰে। কিয়নো পুৰুষেই হওক বা মহিলাই হওক যৌনতা অবিহনে মানুহৰ জীৱনটো নিশকতীয়া হৈ পৰাটো তেনেই স্বাভাৱিক। 

ৰজোনিবৃত্তিৰ পিছত যৌন স্বাস্থ্য বজাই ৰখাৰ বাবে কিছুমান কিটিপ আগবঢ়োৱা হ’ল – 

১) শাৰীৰিকভাবে সক্ৰিয় হৈ থাকক – নিয়মিত ব্যায়ামে তেজৰ সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে। লগতে ব্যায়াম বা শাৰীৰিক পৰিশ্ৰমে শাৰীৰিক শক্তিৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে মন প্ৰফুল্লিত কৰি ৰাখে। এই সকলোবোৰে যৌন স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে, প্ৰতি সপ্তাহত কমেও ১৫০ মিনিট মজলীয়া ধৰণৰ শাৰীৰিক ব্যায়াম কৰিব লাগে।

২) কেগেল ব্যায়াম: এই ব্যায়ামবোৰে পেলভিক ফ্ল’ৰৰ পেশীবোৰ শক্তিশালী কৰাত সহায় কৰে। যাৰ ফলত যৌন কাৰ্য্যক্ষমতা বৃদ্ধি পায় আৰু প্ৰস্ৰাৱৰ লগত জড়িত সমস্যাও দূৰ কৰাত সহায় কৰে।  গতিকে দিনটোত কেইবাবাৰো এই ব্যায়াম কৰিব লাগে। 

৩) হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী (HRT): হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীয়ে ৰজোনিবৃত্তিৰ কিছুমান লক্ষণ উপশম কৰাত সহায় কৰিব পাৰে। এই থেৰাপীৰ দ্বাৰা যোনি শুকান হোৱাকে ধৰি, যিয়ে যৌনৰ প্ৰতি থকা অনিহাৰ সমস্যাক দূৰ কৰাত সহায় কৰে। গতিকে, চিকিৎসকৰ লগত আলোচনা কৰি এই থেৰাপী গ্ৰহণ কৰিব পাৰে।

৪/ যোনিৰ মইশ্ব’ৰাইজাৰ আৰু লুব্ৰিকেণ্ট:  এটা বয়সত মহিলাসকলৰ যোনি শুকান পৰে বাবে যৌন কাৰ্যকলাপ আৰামদায়ক নহয় বা সম্ভোগৰ সময়ত বিষ অনুভৱ কৰে। ঔষধালয় সমূহত বিভিন্ন মইশ্ব’ৰাইজাৰ আৰু লুব্ৰিকেণ্ট পোৱা যায়। গতিকে যোনিৰ মইশ্ব’ৰাইজাৰ আৰু লুব্ৰিকেণ্টে যোনিৰ শুষ্কতা দূৰ কৰি যৌন সম্ভোগ আৰামদায়ক কৰি তুলিব পাৰে।

৫/ সংগীৰ সৈতে বাৰ্তালাপ : আপোনাৰ সংগীৰ সৈতে আপোনাৰ এটা মুকলি সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। আপোনাৰ যৌন ইচ্ছা, প্ৰয়োজন বা যৌন চিন্তাৰ সম্পৰ্কে সংগীৰ সৈতে মুকলিকৈ আলোচনা কৰক। এনে কৰিলে মানসিক আৰু শাৰীৰিক বুজা বুজি বৃদ্ধি পাব।  মুকলি আলোচনা এটা সুস্থ যৌন জীৱনৰ বাবে অতিকৈ প্ৰয়োজনীয় বস্তু।

৬/  যৌন শিক্ষা: যৌন স্বাস্থ্য আৰু ৰজোনিবৃত্তিৰ সম্পৰ্কে বুজি পাবলৈ যৌন শিক্ষাৰ প্ৰয়োজন আছে।  আপোনাৰ শৰীৰত ঘটি থকা পৰিৱৰ্তনসমূহৰ বিষয়ে আপুনি যিমানেই বুজি পাব সিমানেই নিজকে সুস্থ কৰি ৰাখিব পাৰিব।

৭) পেলভিক ফ্ল’ৰ ফিজিকেল থেৰাপী: যদি আপুনি পেলভিক বিষ বা অন্যান্য যৌন স্বাস্থ্যজনিত সমস্যা অনুভৱ কৰে তেন্তে পেলভিক ফ্ল’ৰ ফিজিকেল থেৰাপিষ্টৰ পৰামৰ্শ লোৱাৰ কথা চিন্তা কৰক। 

৮) মানসিক চাপৰ দূৰ কৰক : মানসিক চাপ আৰু উদ্বেগে যৌন ইচ্ছা আৰু কাৰ্য্যক্ষমতাত প্ৰভাৱ পেলাব পাৰে। কাৰণ এটা উদাসীন মন লৈ মানুহ যৌনতাৰ ক্ষেত্ৰত উত্তেজিত হ’ব নোৱাৰে।  সেয়ে মানসিক চাপৰ পৰা আঁতৰত থকাটো সকলোৰে বাবে মংগল। গতিকে, মানসিক চাপ আঁতৰোৱাৰ বাবে দৈনিক ব্যায়াম, যোগ আৰু মনে ভালপোৱা কাম কৰক। গান শুনক, ফুৰিবলৈ যাওক, চিনেমা চাওক। প্ৰিয় বন্ধু বৰ্গ বা পৰিয়ালৰ লোকৰ লগত হাঁহি ফুৰ্তি কৰক। 

৯) স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক : খাদ্যই হৈছে স্বাস্থ্যৰ মূল হোতা। গতিকে খাদ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। সুষম খাদ্য গ্ৰহণ কৰিলে যৌন স্বাস্থ্যকে ধৰি সামগ্ৰিক স্বাস্থ্য ভালে থাকে। ফল-মূল, শাক-পাচলি, গোটা শস্য, আৰু ক্ষীণ প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে পানী খাওঁক। 

১০) নিয়মীয়া পৰীক্ষা : নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক। স্বাস্থ্যত কোনো বিজুতিয়ে দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক।

যিকোনো গুৰুতৰ সমস্যাৰ বাবে চিকিৎসকৰ কাষ চাপক।

Related News