NORTHEAST NOW (Assamese)

বুধবাৰে মুখামুখি হ’ব মোদী-মমতা: আলোচনাত এন আৰ চি হ’ব অন্যতম বিষয়!

September 17, 2019 8:58 am · এন ই নাও নিউজ

বুধবাৰে বিয়লি নতুন দিল্লীত মুখামুখি হ’ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী।

সেই উদ্দেশ্যে আজি বিয়লি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী নতুন দিল্লীত উপস্থিত হ’ব।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বুধবাৰে বিয়লি ৪ বজাত বৈঠকৰ সময় চূড়ান্ত কৰা হৈছে।

প্ৰধান মন্ত্ৰীৰ সৈতে ৰাজ্যখনৰ আৰ্থিক অৱস্থাৰ দিশটো দাঙি ধৰিব মুখ্য মন্ত্ৰীগৰাকীয়ে। কিয়নো একাধিক কেন্দ্ৰীয় প্ৰকল্পত কেন্দ্ৰৰ অংশদাৰিত্ব হ্ৰাস কৰাৰ পাছত প্ৰকল্পসমূহ স্থবিৰ হৈ পৰিছে।

উল্লেখযোগ্য যে পূৰ্বে কেন্দ্ৰীয় প্ৰকল্পসমূহত কেন্দ্ৰই ৯০ শতাংশ ধন দিছিল আৰু বাকী ১০ শতাংশ ধন ৰাজ্যসমূহে বহন কৰিবলগীয়া আছিল।

বৰ্তমান কেন্দ্ৰৰ অংশ ৪০ সতাংলৈ হ্ৰাস কৰা হৈছে আৰু ৰাজ্যই বাকী ৬০ শতাংশ বহন কৰিবলগীয়া হৈছে।

এনে পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহৰ ওপৰত আৰ্থিক চাপ বৃদ্ধি পাইছে আৰু কেন্দ্ৰৰ অংশ হ্ৰাস কৰাৰ ফলত প্ৰকল্প বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে।

মোদীৰ সৈতে আলোচনাত মমতাই যিকেইটা বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে তাৰ ভিতৰত আছে এন আৰ চিৰ প্ৰসংগ।

অসমত চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পাছত পশ্চিমবংগতো বিজেপিয়ে এন আৰ চিৰ দাবী উত্থাপন কৰিছে।

বহুকেইজন বিজেপি নেতাই ৰাজ্যখনত এন আৰ চি অনা হ’ব বুলি ঘোষণা কৰিছে। এই এন আৰ চি সম্পৰ্কত ৰাজ্যৰ স্থিতি তথা মতামত প্ৰধান মন্ত্ৰী মোদীক অৱগত কৰিব মমতা বেনাৰ্জীয়ে।

পশ্চিমবংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে আৰম্ভণিৰে পৰা অসমৰ এন আৰ চিৰ বিৰোধিতা কৰি আহিছে।

Related News