NORTHEAST NOW (Assamese)

গংগাৰে শ শ মৃতদেহ উটি অহা প্ৰসংগত মোদীক তুলাধুনা মমতাৰ

May 20, 2021 2:49 pm · এন ই নাও নিউজ
Updated: May 20, 2021 2:50 pm

পবিত্ৰ গংগা নৈ আজি অধিক হৈ পৰিছে অপবিত্ৰ।

ইয়াৰ বাবে মোদীকেই জগৰীয়া কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

গংগা নৈৰে শ শ মৃতদেহ উটি অহাৰ প্ৰসংগত মন্তব্য কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে বিজেপিয়ে ক্ষমতাত থকাৰ বাবেই উত্তৰপ্ৰদেশৰ পৰা শ শ মৃতদেহ গংগাৰে উটুৱাই দিব পাৰিছে।

এই ক্ষেত্ৰত সাধাৰণ সুস্থ মানুহৰ লগতে পৰিবেশ প্ৰদূষণৰ বিষয়টোৰ প্ৰতি উত্তৰ প্ৰদেএশৰ বিজেপি শাসিত চৰকাৰ খনে সম্পূৰ্ণ পিঠি দিয়া বুলিও মমতাই মন্তব্য কৰে।

তেওঁ লগতে কয় যে গংগাৰে মৃতদেহ উটুৱাই দিয়াৰ বিষয়টো মোদীৰ চৰকাৰে এবাৰৰ বাবে হ’লেও তদন্ত কৰোৱাৰ কথা কোৱা নাই।

উল্লেখ্য প্ৰধানমনে্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠকত মিলিত হোৱাৰ পিছতে মমতাই মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

পশ্চিমবংগক মোদীৰ চৰকাৰে ভেকচিন আৰু প্ৰয়োজনীয় দৰৱৰ যোগান নধৰা বুলিও মমতাই গুৰুতৰ অভিযোগ উত্থাপন কৰে। পষশ্চিমবংগক অক্সিজেন যোগানৰ ক্ষেত্ৰতো মোদীৰ চৰকাৰে বৈষম্য কৰা বুলিই মমতাই কয়।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাবে তৃতীয় ভাৰৰ বাবে শপতগ্ৰহণ কৰাৰ পিছত এয়াই মমতা-মোদীৰ প্ৰথম খন ভাৰ্চুৱেল বৈঠক আছিল।

বৈঠকৰ পিছতে সাংবাদিকৰ আগত মমতাই কয় যে মোদীয়ে দেশ খনক বিষাক্ত কৰি তুলিছে। নিৰ্বাচনৰ পিছত পশ্চিমবংগত হোৱা হিংসাৰ তদন্ত কৰিবলৈ কেন্দ্ৰই বংগলৈ দল পঠিয়ালে যদিও উত্তৰপ্ৰদেশত গংগা নৈৰে মৃতদেহ উটুৱাই দিয়া ঘটনাৰ তদন্ত কৰিবলৈ কেন্দ্ৰই কিয় দল পঠিওৱা নাই বুলি মমতাই প্ৰশ্ন কৰে।

Related News