NORTHEAST NOW (Assamese)

শুই থকা কোঠাত ফেঁটী সাপ এৰি দি পত্নী, ২ বছৰীয়া কন্যাক হত্যা: গ্ৰেপ্তাৰ ঘাতক ব্যক্তি

November 24, 2023 10:18 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 24, 2023 10:21 am
প্ৰতিনিধিত্বমূলক ফটো।

যোৱা ৭ অক্টোবৰত এগৰাকী মহিলা আৰু তেওঁৰ কন্যাৰ মৃত্যুৰ সৈতে জড়িত এটা ঘটনা, যিটো প্ৰথমে সাপে কামোৰাৰ ফলত হোৱা মৃত্যু বুলি লিপিবদ্ধ কৰা হৈছিল, সেইটো এতিয়া হত্যাৰ ঘটনালৈ পৰিণত হৈছে।

মৃত মহিলাগৰাকীৰ স্বামীক পৰিকল্পিতভাৱে পত্নী আৰু কন্যাক হত্যা কৰিবলৈ শুই থকা কোঠাটোত বিষাক্ত ফেঁটী সাপ এৰি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

উৰিষ্যাৰ গঞ্জাম জিলাৰ কবিসূৰ্যনগৰ আৰক্ষী থানাৰ অন্তৰ্গত আধেইবাৰা গাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। এই ঘটনা এতিয়া চহৰখনত সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।

লগতে পঢ়কঃ হোটেললৈ মাতি আনি উদ্দাম যৌনতা ৰক ষ্টাৰৰ! ধৰ্ষণৰ অভিযোগ তাৰকা মডেলৰ

বাতৰি মতে, তিনি বছৰ পূৰ্বে আধেইবাৰা গাঁৱৰ নিবাসী কে গণেশ পাত্ৰই একেখন গাঁৱৰ বসন্তী পাত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পত্নী বসন্তীৰ আনুগত্য-নিষ্ঠাক লৈ তেওঁ সন্দেহ কৰিছিল। ইয়াৰ পিছতে তেওঁ পত্নী আৰু তেওঁলোকৰ কন্যাক জীৱনৰ পৰা বিদায় দিয়াৰ পৰিকল্পনা ৰচনা কৰা বুলি অভিযোগ উঠিছে। নিজৰ পৰিকল্পনা অনুযায়ী তেওঁ এজন সাপৰ ওজাৰ পৰা এটা ফেঁটী সাপ কিনি আনি পত্নী আৰু জীয়েক শুই থকা কোঠাটোত এৰি দিয়ে।

ইয়াৰ পিছতে এই পত্নী-কন্য়াক সাপে কামোৰা বুলি জানিব পৰা গৈছে। পিছত তেওঁলোকক ততাতৈয়াকৈ হিঞ্জলিকাট চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয়।

প্ৰাথমিকভাৱে ই সাপে কামোৰা মৃত্যুৰ ঘটনা যেন লাগিছিল যদিও মৃতকৰ পিতৃয়ে জোঁৱাইৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি জোঁৱাই আৰু নাতিনীয়েকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃ India vs Australia 1st T20: শ্বাসৰুদ্ধকৰ মেচত সূৰ্যৰ উত্তাপ! অষ্ট্ৰেলিয়াক দুই উইকেটত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ স্বামী কে গণেশ পাত্ৰক আটক কৰি লয়। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অৱশ্যে পাত্ৰই এই অভিযোগ অস্বীকাৰ কৰে। পাত্ৰই কয়, ‘মোৰ শহুৰে মোক সাপ ব্যৱহাৰ কৰি নিজৰ কন্যাক হত্যা কৰাৰ ভুৱা গোচৰত জড়িত কৰিছে।’

আনহাতে, মৃত মহিলাগৰাকীৰ পিতৃ বি খালী পাত্ৰই কয়, “মোৰ দুজনী কন্যা আছে। তিনি বছৰ আগতে মোৰ দ্বিতীয় কন্যাই কে গণেশ পাত্ৰৰ লগত বিয়া হৈছিল। ভাই বোৱাৰীৰ (ভাতৃৰ পত্নী) প্ৰেমত পৰি সি তাইক হাৰাশাস্তি কৰিবলৈ ধৰিলে। বিবাহ বিচ্ছেদৰ বাবেও তেওঁ আবেদন কৰিছিল। মই ৪৯৮ ধাৰাত গোচৰ ৰুজু কৰাৰ পিছত বিবাহ বিচ্ছেদ স্থবিৰ হৈ পৰিছিল। অৱশেষত তেওঁ তাইক নিৰ্মূল কৰি পেলালে। তেওঁলোকৰ কোঠাত সাপ এৰি দি হত্যা কৰিলে।’

লগতে পঢ়কঃ অভিনেতা প্ৰকাশ ৰাজক ইডিৰ চমন; ১০০ কোটি পঞ্জী কেলেংকাৰীক লৈ কৰা হ’ব জেৰা

কবিসূৰ্যনগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰভাত কুমাৰ চাহুৱে কয়, ‘সেই নিশা পৰিয়ালৰ লোকে সাপটোক হত্যা কৰি পত্নী-কন্যাক চিকিৎসালয়লৈ লৈ যায় আৰু তাতেই তেওঁলোকক মৃত অৱস্থাত পোৱা যায়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সাপে কামোৰা বুলি মৃত্যুৰ কাৰণো আঙুলিয়াই দিয়া হৈছে। মৃতকৰ পিতৃৰ অভিযোগৰ ভিত্তিত আমি আমাৰ তদন্ত আৰম্ভ কৰিছো। তদন্তৰ সময়ত আমি গম পালোঁ যে তেওঁ (কে গণেশ পাত্ৰই) এজন সাপৰ ওজাৰ পৰা সাপটো ক্ৰয় কৰিছিল। সাপৰ ওজাজনকো জেৰা কৰা হ’ব।”

Related News