NORTHEAST NOW (Assamese)

যোগীৰাজ্যত পুনৰ বৰ্বৰ কাণ্ড : ৰাজপথত মৰিয়াই মৰিয়াই হত্যা এজন লোকক; চাই থাকিল পথাচাৰীয়ে

December 29, 2020 11:52 am · এন ই নাও নিউজ

এটা ব্যস্ত ৰাজপথত পথাচাৰীৰ সন্মুখতে এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে।

এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হৈছে যোগী আদিত্যনাথ শাসিত উত্তৰ প্ৰদেশত।

ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ৰাজপথত সোমবাৰে অজয় নামৰ এজন লোকক দুজন লোকে লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে। হত্যা কৰিয়ে দুই অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে।

লোকজনক লাঠিৰে প্ৰহাৰ কৰি থকাৰ সময়তে পথেদি অসংখ্য লোকে গাড়ী, বাইক তথা খোজেৰে যাত্ৰা কৰি থাকিলেও কোনো এজন লোকে আক্ৰান্ত লোকজনক সহায়ৰ বাবে আগবাঢ়ি নাহিল।

আনকি চূড়ান্ত অমানৱীয়তা প্ৰদৰ্শন কৰি কোনো লোকে আক্ৰান্ত ৰক্তাক্ত লোকজনক চিকিৎসাৰ বাবে চিকিৎসালয় নিয়াৰ ব্যৱস্থা নকৰিলে।

ইফালে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছতে আক্ৰান্তৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অমিত আৰু গোবিন্দ নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে নিহত অজয়ৰ ভাতৃ সঞ্জয়ৰ অভিযোগ কৰে যে আৰক্ষীৰ নিস্পৃহতাৰ বাবে তেওঁৰ ভাতৃ হত্যাৰ বলি হ’ল।

মৃত অজয়ৰ ভাতৃৰ অভিযোগ অনুসৰি এখন ফুলৰ দোকানকলৈ গোবিন্দ নামৰ লোকজনৰ সৈতে এক সংঘাতৰ সৃষ্টি হৈছিল। সেই বিবাদে জটিল ৰূপ লোৱাৰ পূৰ্বে আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে নিস্ক্ৰিয়তা প্ৰদৰ্শন কৰি আহিছিল বুলি অভিযোগ উঠিছে।

আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই বিবাদটো মীমাংসা হোৱাৰ পৰিৱৰ্তে গোবিন্দ নামৰ লোকজনে অমিতৰ সহায়ত অজয়ক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰিবলৈ সুযোগ পালে বুলি মৃত অজয়ৰ ভাতৃ সঞ্জয়ে অভিযোগ কৰিছে।

Related News