NORTHEAST NOW (Assamese)

কুকুৰ নহয়, মালিকে কামুৰি ছিঙি নিলে কৰ্মচাৰীৰ আঙুলি!

September 15, 2020 12:29 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

কামক লৈ হোৱা কথাৰ বিবাদে এনে পৰিণতি কঢ়িয়াই আনিব বুলি ভাৱিবই পৰা নাছিল দিল্লীৰ ৩৪বছৰীয়া যুৱক মোহিত কুমাৰে।

মালিকৰ সৈতে হোৱা কথা কটাকটিৰ  ফল ভালদৰে ভূগিবলগীয়া হ’ল যুৱকজনে।

কথাৰ বিবাদ চলি থকাৰ মাজতে তেওঁৰ গোটেই আঙুলিটো কামুৰি ছিঙি নিলে ৪০বৰ্ষীয় হেমন্ত সিদ্ধাৰ্থ নামৰ মালিকজনে।

দিল্লী আৰক্ষীৰ ডিচিপি যশমীত সিঙে জানিবলৈ দিয়ে যে দিল্লীৰ এটা ব্যক্তিগত বীমা কোম্পানীৰ অক্ষৰধাম অঞ্চলত থকা কাৰ্যালয়ত কাম কৰে মোহিতে।

সেই কোম্পানীটোৰ মালিক হৈছে হেমন্ত সিদ্ধাৰ্থ। দুয়োজনে এই কাৰ্যালয়ৰ পৰা এটা কামৰ বাবে কৰ’লবাগলৈ যায়।

কামটো শেষ কৰি মোহিতে ঘৰলৈ উভতিব বিচাৰে যদিও তেওঁক আন এটা কামৰ বাবে হেমন্তই আন এখন ঠাইলৈ লৈ যায়।

তাত দুয়োজনে কামক লৈ কথা কটাকটিত লিপ্ত হৈ পৰে ।

মোহিতে অভিযোগ কৰা মতে, হেমন্তই প্ৰথমতে তেওঁক চৰ শোধাবলৈ আৰম্ভ কৰে। তেওঁ নিজকে বচাবলৈ দুয়োখন হাতেৰে মুখখন ঢাকি ধৰিবলৈ চেষ্টা কৰে।

তেতিয়াই তেওঁৰ হাত টানি লৈ হেমন্তই বাওঁ হাতৰ এটা আঙুলি কামুৰি ছিঙি নিয়ে।

আহত মোহিত মাটিত ঢলি পৰে। ছিঙা আঙুলিৰ অংশ পেলাই দি হেমন্ত ঘটনাস্থলীৰ পৰা পলাই যায়।

মোহিতে কোনোমতে পকেটৰ পৰা মোবাইলটো উলিয়াই ১০০ডায়েল কৰে। আৰক্ষী আহি তেওঁক উদ্ধাৰ কৰি এখন স্থানীয় হাস্পাতলত ভৰ্তি কৰে।

মেহিতৰ আঙুলিৰ ছিঙা অংশটো চিকিৎকসকলে জোৰা লগাবলৈ সক্ষম হয়। কিন্তু এতিয়াও কিছু যন্ত্ৰণা ভোগ কৰিব লগা হৈছে মোহিতে।

ইপিনে, মোহিতে হেমন্তৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে। পলাতক হেমন্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে যদিও তেওঁৰ সন্ধান পোৱা নাই।

Related News