NORTHEAST NOW (Assamese)

Video|| গুৱাহাটীত চিটি বাছত অশালীন আচৰণ, অভিযুক্তক চেন্দেলৰ চৰ যুৱতীৰ

November 10, 2018 8:10 pm · এন ই নাও নিউজ
Updated: November 10, 2018 8:20 pm
ছবি- ভিডিঅ’ৰ পৰা।

গুৱাহাটীত এখন চলন্ত চিতি বাছত শনিবাৰে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত এজন ৩২ বছৰীয়া পুৰুষক চেন্দেলৰ চৰ সোধাই আৰক্ষীক গতাই দিয়ে দুগৰাকী যুৱতীয়ে।

যুৱতী দুগৰাকীৰ অভিযোগ মতে লিংগ প্ৰদৰ্শন কৰাৰ লগতে হস্তমৈথুন কৰি অশালীন ইংগিত দিছিল আব্দুল আলী নামৰ লোকজনে।

যুৱতী দুগৰাকীৰ অভিযোগৰ ভিত্তিত পল্টন বজাৰ আৰক্ষীয়ে অভিযুক্ত আলীক গ্ৰেপ্তাৰ কৰিছে। আলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (যৌন নিৰ্য্যাতন) আৰু ৫০৯ (মহিলাৰ শালীনতা হানি) ধাৰাত এক গোচৰ (১১৪২/১৮) ৰুজু কৰা হৈছে।

যুৱতী দুগৰাকীৰ মতে বাছখনত তেওঁলোকৰ বিপৰীত দিশত বহা আলীয়ে তেওঁৰ লিংগ প্ৰদৰ্শন কৰিছিল।

ঘটনাটো সহযাত্ৰীসকলক অৱগত কৰা সত্ত্বেও যাত্ৰীসকলে উপেক্ষা কৰা বুলি উল্লেখ কৰি এগৰাকী যুৱতীয়ে কয়, “এজন মানুহৰ বাহিৰে কোনেও আমাক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। সব নিজৰ আসনত বহি আছিল।”

আদাবাৰীৰ পৰা আহি থকা বাছখন উলুবাৰী পোৱা অৱস্থাত দুপৰীয়া প্ৰায় ১:৩০ বজাত ঘটনাটো সংঘটিত হৈছিল।

Related News