NORTHEAST NOW (Assamese)

পেৰাছুটেৰে নামি আহিছিল ছাণ্টা ক্ল’জ, কিন্তু মাজ পথতে ঘটিল এই অঘটন, চাওঁক

December 23, 2020 4:48 pm · এন ই নাও নিউজ
Updated: December 23, 2020 4:51 pm

মাজত মাত্ৰ টো দিন বাকী। ২৫ ডিচেম্বৰৰ দিনা ভাৰতকে ধৰি বিশ্বৰ সকলো প্ৰান্ততে উদযাপন কৰা হব পবিত্ৰ বৰদিন।

ক’ৰ’ণাতংকৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হব বৰদিন।

বৰদিন বুলি ক’লেই আহি পৰে ছাণ্টা ক্ল’জৰ কথা। ছাণ্টা ক্ল’জে শিশুসকলৰ মাজত চকলেট, উপহাৰ আদি বিতৰণ কৰাটো বৰদিনৰ এক অন্যতম আকৰ্ষণ।

ছাণ্টা ক্ল’জ সাজি শিশুৰ মাজত উপহাৰ বিলাবলৈ আহি এজন লোকৰ কিযে দুৰ্গতি নহ’ল।কেলিফ’ৰ্নিয়াৰ ৰিঅ’ লিণ্ডা নামৰ অঞ্চলটোলৈ শিশুৰ মাজত চকলেট, উপহাৰ বিতৰণ কৰিবলৈ পেৰাছুটেৰে মাটিলৈ নামি অহাৰ পৰিকল্পনা কৰিছিল এজন লোকে।

সেই মতে তেওঁ পেৰাছুটেৰে তললৈ নামিবলৈ আৰম্ভ কৰে।

কিন্তু মাটি আহি পোৱাৰ আগতে ঘটি যায় এক দুৰ্যোগ।পেৰাছুটেৰে নামি অহাৰ সময়তে লোকজনৰ পৰোছুট লাগি ধৰে বিদ্যুতৰ তাৰত।ফলত লোক জন ওপৰতে ওপঙি থাকে।

এই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত লোক জনক তললৈ নমাই আনিবলৈ সক্ষম হয়।

ছাণ্টা ক্ল’জ সাজি অহা লোক জনৰ বন্ধু ক্ৰিষ্টাল কেনেডিয়ে প্ৰকাশ কৰা মতে লোক জনে ভাগ্য ভাল কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰিছে।

বিদ্যুতৰ তাৰত লাগি ধৰাৰ পিছতো লোক জনৰ দেহলৈ বিদ্যুত প্ৰৱাহিত নোহোৱাৰ বাবে তেওঁ ৰক্ষা পৰিছে।কেলিফ’ৰ্নিয়াৰ অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযানৰ এক ভিডিঅ’ প্ৰচাৰ কৰিছে।

Related News