NORTHEAST NOW (Assamese)
অসম

জাঁজীৰ ৰাজপথত নিশা অচিনাক্ত যুৱকৰ দলৰ ধনদাবী; গাড়ীসহ এজনক আটক

Posted by: ৰাজীৱ দত্ত August 19, 2018 6:54 pm
arrested

শিৱসাগৰ আৰু যোৰহাট জিলাৰ অন্তৰ্গত বৃহত্তৰ জাঁ‌জী অঞ্চলৰ ৩৭ নং আৰু ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত বিগত কিছুদিন ধৰি যুৱকৰ দলে নিশাৰ ভাগত যান বাহনৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

কালি নিশা গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁজীৰ এটা তেল ডিপুৰ সমীপত ৰৈ থকা এখন ট্ৰাকৰ পৰা ধন দাবী কৰা এটা চক্ৰক স্থানীয় লোকে আটক কৰিবলৈ চেষ্টা চলাইছিল যদিও কোনো তাৰ পৰা পলাই সাৰে। অৱশ্যে ৰাইজে এ এছ -০৩-জি- ২২২০ নম্বৰৰ এখন টাটা ইণ্ডিগ’ গাড়ীসহ দলটোৰ এজনক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোকজনক শিৱসাগৰ নগৰৰ ৰজাবাৰীৰ প্ৰয়াত সুৰেণ দাসৰ পুত্ৰ অমৃত দাস (৪৫) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশাৰ ভাগত একাংশ যুৱকে চেকগেট পাতি লালীগুৰ আৰু অৰুণাচলী সুৰা সৰবৰাহ কৰা বাহনৰ পৰা ধনদাবী কৰা ঘটনা সৰ্বজন বিদিত।

আনহাতে আজি কিছুদিন পূৰ্বে টীয়ক থানাৰ অন্তৰ্গত হাঁহচৰাৰ এটা তেল ডিপুৰ সন্মুখত ৰখাই থোৱা এখন লোৰ পাইপ পৰিবাহী ট্ৰাকৰ পৰা অচিনাক্ত যুৱকৰ এটা দলে বলপূৰ্বক ভাৱে নগদ ধন কাঢ়ি নিয়াৰ লগতে ট্ৰাকৰ কৰ্মচাৰীকো মাৰধৰ কৰিছিল।