NORTHEAST NOW (Assamese)
অসম

Norovirus: নতুন আতংক নোৰোভাইৰাছ! ভাৰতত ইতিমধ্যে সংক্ৰমিত ২টি শিশু; সতৰ্ক হোৱাৰ আহ্বান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 6, 2022 12:35 pm

কৰ’নাভাইৰাছৰ পিছত মাঙ্কিপক্স ভাইৰাছে উদ্বেগ বৃদ্ধি কৰিছিল। কিন্তু এই দুই ভাইৰাছৰ পৰা সুৰক্ষিত হোৱাৰ পূৰ্বেই দেশত এইবাৰ দেখা দিছে আন এক নতুন ভাইৰাছে। কেৰালাত দুজনৰ দেহত পোৱা গৈছে নোৰোভাইৰাছ। ইতিমধ্যে দুটি শিশুৰ দেহত ভাইৰাছটোৰ উপস্থিতি ধৰা পৰিছে।

নোৰোভাইৰাছক লৈ চাৰিওপিনে যথেষ্ট উদ্বেগ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে জানিবলৈ দিছে যে এই ভাইৰাছটো প্ৰধানকৈ খাদ্য আৰু পানীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। লগতে ই অত্যন্ত সংক্ৰামক। ৰাজ্যখনত ইতিমধ্যে চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে।

নোৰোভাইৰাছত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত বমি আৰু ডায়েৰিয়া দেখা দিছে। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকসকলে বমি আৰু ডায়েৰিয়াৰ লগতে এদিন বা দুই দিনৰ ভিতৰত পেটৰ বিষ, জ্বৰ, মুৰৰ বিষ আৰু শৰীৰৰ বিষ অনুভৱ কৰে।

লগতে পঢ়ক: BJP Leaders Prophet Remarks: মধ্য-প্ৰাচ্যৰ দেশসমূহত অৱনমিত দিল্লীৰ সন্মান! ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান

তিৰুৱন্তপুৰমৰ প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে দুজন আক্ৰান্ত ধৰা পৰিছে। বাতৰি অনুসৰি দুটি শিশুৰ বমি, ডায়েৰিয়া আৰু জ্বৰত ভূগিছে। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ভি শিৱানকুট্টিয়ে বিদ্যালয়সমূহক মধ্যাহ্ন ভোজন ৰন্ধাৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কয়, “এই ভাইৰাছটো অতি সংক্ৰামক। আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত শিক্ষাৰ্থী আৰু শিক্ষকসকলক ইতিমধ্যে ভাইৰাছটোৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে।”

কেৰালা প্ৰশাসনৰ সূত্ৰ অনুসৰি, “দুটি শিশুৰ দেহত নোৰোভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। অৱশ্যে তেওঁলোক সুস্থ আছে। এই মুহূৰ্তত চিন্তাৰ কোনো কাৰণ নাই। কিন্তু এতিয়াৰ পৰাই সকলোৱেই সাৱধান হ’ব লাগিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা উচিত।”

চৰকাৰী সূত্ৰ অনুসৰি, জ্বৰ আৰু পেটৰ অসুখৰ লক্ষণ দেখি শিশু দুটিৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তাত শিশু দুটি নোৰোভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাটো নিশ্চিত হয়।

লগতে পঢ়ক: Lionel Messi Made History: দলৰহৈ ৫টাৰ ৫টা গোলেই দিলে মেছিয়ে; পেলেক অতিক্ৰমি হ’ল ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গোলদাতা

বিশেষজ্ঞসকলে জানিবলৈ দিছে যে সঘনাই হাত ধোৱা, বাহিৰত খাদ্য খোৱাত সাৱধানতা অৱলম্বন কৰা আৰু অধিক পানী খোৱাৰ দ্বাৰা এই ভাইৰাছ দূৰত ৰখা সম্ভৱ। বিশেষজ্ঞসকলে এতিয়াই নোৰোভাইৰাছকলৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে।