NORTHEAST NOW (Assamese)
দেশ

দহ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা: হত্যাকাৰীক মৃত্যুদণ্ড বিহিলে আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2022 9:14 pm
Man Sentenced To Death For Raping Killing

দেশত বৰ্দ্ধিত নাৰীজনিত অপৰাধৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে চলিত বৰ্ষৰ জানুৱাৰীত ৰাজস্থানত সংঘটিত এক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত এক দুৰ্বৃত্তক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড বিহিলে আদালতে।

ৰাজ্যখনৰ পালি জিলাৰ এখন আদালতে শনিবাৰে জানুৱাৰীত এগৰাকী ১০ বছৰীয়া কন্যা শিশুক প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা কৰাৰ বাবে ২২ বৰ্ষীয় যুৱকগৰাকীক এই চৰম শাস্তি প্ৰদান কৰে।

পকচো (POCSO) আদালতে হত্যাকাৰী নৰপত সিং নামৰ যুৱক গৰাকীৰ ওপৰত লগতে ১ লাখ টকাৰ জৰিমনাও আৰোপ কৰিছে।

উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰীত সিঙে শিশুটিক ধৰ্ষণ কৰি পিছত লাঠিৰে প্ৰহাৰ কৰে। এই অত্যাচাৰত শিশুটিৰ মৃত্যু হোৱাৰ পিছত মৃতদেহটো এটা কুঁৱাত পেলাই দিছিল সিঙে।

হত্যাৰ বলি হোৱা শিশুটিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নৰপত সিঙক গ্ৰেপ্তাৰ কৰিছিল আৰু এমাহৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে আদালতত অভিযোগপত্ৰ দাখিল কৰিছিল।

তেতিয়াৰ পৰাই কাৰাগাৰত থকাৰ পিছত যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ গোচৰৰ সৈতে জড়িত আদালতে সিঙক দোষী সাব্যস্ত কৰাৰ পিছত শনিবাৰে মৃত্যুদণ্ড প্ৰদান কৰে।