NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলোৱা পিতৃক দহ বছৰৰ কাৰাদণ্ড

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ June 15, 2022 8:48 pm
কোকৰাঝাৰত তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলোৱা পিতৃক দহ বছৰৰ কাৰাদণ্ড

নিজৰ তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত সুবিৰাম ৰায় নামৰ এজন লোকক কোকৰাঝাৰৰ বিশেষ আদালতৰ জে.কোচৰ আদালতে আজি দহ বছৰৰ কাৰাদণ্ডৰ ৰায়দান দিয়ে৷ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনাও বিহে ।

তদুপৰি জৰিমনা আদায় অবিহনে অতিৰিক্তভাৱে দুমাহৰ কাৰাদণ্ড ভৰিব লাগিব বুলি আদালতে নিৰ্দেশ প্ৰদান কৰিছে ।
উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ এখন গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ এগৰাকী নাবালিকাক জিলাখনৰে কাৰিগাঁও এলেকাৰ সুবিৰাম ৰায়ে নিজৰ তোলনীয়া কন্যা হিচাপে গ্ৰহণ কৰিছিল ।

২০১৮ চনৰ ৮ জুনত যেতিয়া নাবালিকা ছোৱালীজনীক তেওঁৰ মাতৃয়ে স্বগৃহলৈ কেইদিনমানৰ বাবে লৈ আহে তেতিয়াই নাবালিকা ছোৱালীজনীয়ে তাইৰ মাতৃক পালিত পিতৃ অৰ্থাৎ সুবিৰাম ৰায়ে তাইক যৌন নিৰ্যাতন চলায় বুলি অভিযোগ কৰে ।

ইয়াতেই হতভম্ব হৈ পৰিয়ালৰ লোকে ২০১৮ চনৰ ২১ জুনত বিষয়টো আৰক্ষীক অৱগত কৰে ৷ পিছত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত পকচো আইনৰ অধীনত এক গোচৰ (নং ২৯৫/১৮) ৰজু কৰা হয় ।

আৰক্ষীয়ে সুবিৰাম ৰায় আৰু তেওঁৰ পত্নী ববিতা ৰায়ৰ বিৰুদ্ধে গোচৰ ৰজু কৰি অনুসন্ধান চলায় আৰু অভিযোগনামা দাখিল কৰে । কোকৰাঝাৰ বিশেষ আদালতে সকলো বিষয়বস্তু চালি – জাৰি চাই চাৰি বছৰৰ মূৰত আজি সুবিৰাম ৰায়ৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ লগতে ববিতা ৰায়ক দোষমুক্ত বুলি ঘোষণা কৰে ।

আদালতে সুবিৰাম ৰায়ক দহ বছৰৰ কাৰাদণ্ডৰেদণ্ডিত কৰাৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহিছে ।