NORTHEAST NOW (Assamese)

গ্ৰেপ্তাৰ হ’ল শাৰদ পাৱাৰক চৰ শোধাই ৫ বছৰে পলাই থকা অৰ্ৱিন্দৰ সিং

November 14, 2019 10:42 am · এন ই নাও নিউজ
এন চি পিৰ অধ্যক্ষ শাৰদ পাৱাৰ

২০১১ চনত তেতিয়াৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা বৰ্তমানৰ এন চি পিৰ অধ্যক্ষ  শাৰদ পাৱাৰক আক্ৰমণ কৰা এজন ব্যক্তিক ৫ বছৰ ধৰি পলাই থকাৰ পিছত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে ২০১১ চনৰ ২৪ নৱেম্বৰত নতুন দিল্লীৰ পৌৰ নিগমৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অৰ্ৱিন্দৰ সিং (৩৬) ওৰফে হৰ্ৱিন্দৰ নামৰ এজন ব্যক্তিয়ে সেই সময়ত ইউ পি এ চৰকাৰৰ কৃষি মন্ত্ৰীৰ দায়িত্বত থকা শাৰদ পাৱাৰক চৰ শোধাইছিল।

চৰ মৰা লোকজনে দুৰ্নীতি আৰু মূল্যবৃদ্ধিত অতিষ্ঠ হৈ এই কাম কৰা বুলি কৈছিল। তেওঁ আনকি পাৱাৰক হত্যা কৰাৰো ভাবুকি দিছিল।

‘এই সংক্ৰান্তত দিল্লীৰ স্বৰুপ নগৰৰ বাসিন্দা সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল’ বুধবাৰে নতুন দিল্লীৰ ডি চি পি এইশ্ব সিংঘালে কয়।

কিন্তু বিচাৰৰ সময়তে অভিযুক্ত ব্যক্তিজনে পলায়ন কৰে। ২০১৪ চনৰ ২৯ মাৰ্চত পাটিয়ালা হাউচ কৰ্টৰ মেট্ৰ’পলিট্যেন দণ্ডাধীশে সিঙক পলাতক ঘোষণা কৰিছিল।

অৱশেষত ৫ বছৰৰ অন্তত দিল্লী আৰক্ষীয়ে অভিযুক্ত অৰ্ৱিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Related News