NORTHEAST NOW (Assamese)
অসম

আছুৰ পৰা পদত্যাগ অগপৰ কলিয়াবৰ সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী মণি মাধৱ মহন্তৰ

Posted by: এন ই নাও নিউজ March 15, 2019 6:38 am
662f973f-864f-46aa-bfb6-e871ba6b0f31

সকলো পৰিকল্পনা মতেই আগবাঢ়িছে। লোকসভা নিৰ্বাচনক লক্ষ্য কৰি অগপ-বিজেপিৰ মিত্ৰতাৰ সকলো পৰিকল্পনা ক্ৰমে উন্মোচিত হ’বলৈ ধৰিছে। মিত্ৰতাৰ পূৰ্বৰে পৰা চৰ্চিত কলিয়াবৰ সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ সম্ভাৱ্য প্ৰাৰ্থী   মণি মাধৱ মহন্তই আছুৰ পৰা পদত্যাগ কৰিছে।

আছুৰ ৰাজ্যিক উপ সভাপতি পদত থকা ছাত্ৰ নেতা জনে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আছুৰ পৰা পদত্যাগ কৰে। অগপৰ কাৰ্যকৰী সভাপতি তথা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তই অগপত যোগদান কৰাৰ বাবেই আছুৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ১৯৯৭ চনত আছুত যোগদান কৰিছিল মণি মাধৱ মহন্তই। তেওঁ ২০০১ চনত কলিয়াবৰ ছাত্ৰ সন্থাৰ সভাপতি হয়। তদুপৰি, ২০০৫ চনত নগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি হোৱা মহন্তই ২০১০ চনৰ পৰা ২০১৫ চনলৈ আছুৰ শিক্ষা সম্পাদক হিচাপে আৰু ২০১৫ চনত আছুৰ উপ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

আনহাতে, নগাওঁ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পদতো আছিল মণি মাধৱ মহন্ত। মহন্তৰ পদত্যাগৰ পাছতে আছুৰ সাংগঠনিক সম্পাদক ৰাজু ফুকনক নগাঁৱৰ তত্বাবধায়কৰ দায়িত্ব প্ৰদান কৰা হয়। বৃহস্পতিবাৰে ছহিদ বেদীত শ্ৰদ্ধা জনাই আছু ত্যাগ কৰে মহন্তই।

ইপিনে, আছুৰ পৰা পদত্যাগ কৰাৰ পাছত ছাত্ৰ নেতাজনে ছাত্ৰ সন্থাই তেওঁক জাতীয়তাবাদৰ আদিপাঠ পঢ়াইছিল বুলি কৃতজ্ঞতা স্বীকাৰ কৰে। আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ওচৰত তেওঁ চিৰ কৃতজ্ঞ বুলিও অকপটে প্ৰকাশ কৰে।

এক সূত্ৰই নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে শুকুৰবাৰে ছাত্ৰ নেতাজনে আনুষ্ঠানিকভাৱে অগপত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।