NORTHEAST NOW (Assamese)
Popular Stories

দুমাহৰ মূৰত খোল খাব পঢ়াশালিৰ দুৱাৰ , ঘোষণা মণিপুৰৰ মুখমন্ত্ৰী বীৰেন সিঙৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 4, 2023 6:47 pm
দুমাহৰ মূৰত খোল খাব পঢ়াশালিৰ দুৱাৰ , ঘোষণা মণিপুৰৰ মুখমন্ত্ৰী বীৰেন সিঙৰ

অশান্ত অৱস্থাৰ বাবে আজি দুমাহে বন্ধ হৈ আছিল মণিপুৰৰ পঢ়াশালিসমূহ। অৱশ্যে এতিয়া সম্পূৰ্ণৰূপে শান্ত হোৱা নাই মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি। ইয়াৰ মাজতে পুনৰ পঢ়াশালি সমূহ খোলাৰ কথা ঘোষণা কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে।

বুধবাৰৰ পৰা পঢ়াশালি সমূহ খোলাৰ কথা ঘোষণা  কৰিছে মুখ্যমন্ত্ৰীয়ে। ৫ জুলাইৰ পৰা বিদ্যালয় সমূহলৈ ছাত্ৰ-ছাত্ৰী যাব পাৰিব।

উল্লেখ্য যে যোৱা মে’ মাহৰ পৰাই ৰাজ্যখনৰ বিদ্যালয়সমূহ বন্ধ হৈ আছিল।

সোমবাৰে এখন সংবাদমেলযোগে মুখ্যমন্ত্ৰী বীৰেন সিঙে বুধবাৰৰ পৰা বিদ্যালয়খন মুকলি কৰাৰ কথা ঘোষণা কৰে। 

বীৰেন সিঙে কয় যে ৰাজ্যৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কৃষকৰ সুৰক্ষাৰ বাবে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। পাহাৰ আৰু উপত্যকা অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

লগতে পঢ়কঃ উৰণৰ পিছতেই জৰুৰীকালীন অৱতৰন ইণ্ডিগো বিমান, বিমানত আছিল অসমৰ বহু ৰাজনৈতিক নেতা-মন্ত্ৰী

লগতে পঢ়কঃ ডেকা ল’ৰাৰ কলিজা কঁপাই ভাইৰেল হোৱা প্ৰিয়া প্ৰকাশে এতিয়া কি কৰি আছে জানেনে?

লগতে পঢ়কঃ দিব্যাংগ মাতৃ আৰু কন্যাক ধৰ্ষণ ৮ পাষণ্ডৰ, জলকীয়া গুৰি পৰ্যন্ত সানিলে গুপ্তাংগত