DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিব্যাংগ মাতৃ আৰু কন্যাক ধৰ্ষণ ৮ পাষণ্ডৰ, জলকীয়া গুৰি পৰ্যন্ত সানিলে গুপ্তাংগত

যদিও ঘটনাটো মে মাহতে সংঘটিত হৈছিল, তথাপিও মঙলবাৰেহে এই ঘটনা চৰ্চালৈ আহিছে। অভিযোগ অনুসৰি খোদ আৰক্ষীয়ে গাপ দি ৰাখিছিল এই জঘন্য ঘটনাটো। 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2023 4:49 pm
722
VIEWS
Share on FacebookShare on Twitter

পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ  সাতগাঁৱত সংঘটিত হৈছে এই ঘটনা। 

খবৰ অনুসৰি যোৱা, মে মাহৰ ১৭ তাৰিখে ৮ পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল এগৰাকী দিব্যাংগ বৃদ্ধা মাতৃ আৰু তেখেতৰ দিব্যাংগ কন্যা।

যদিও ঘটনাটো মে মাহতে সংঘটিত হৈছিল, তথাপিও মঙলবাৰেহে এই ঘটনা চৰ্চালৈ আহিছে। অভিযোগ অনুসৰি খোদ আৰক্ষীয়ে গাপ দি ৰাখিছিল এই জঘন্য ঘটনাটো। 

জানিব পৰা মতে, এই ৮ পাষণ্ডই বৃদ্ধা দিব্যাংগ মাতৃ আৰু তেখেতৰ বাকহীনা ২২ বছৰীয়া কন্যাক ধৰ্ষণ কৰিয়েই ক্ষান্ত নাথাকি তেওঁলোকৰ গুপ্তাংগত জলকীয়া গুৰিও সানি দিয়ে।

লাভ কৰা তথ্য অনুসৰি ২২ বছৰীয়া কন্যাগৰাকীয়ে বিবাহ বিচ্ছেদ হোৱাৰ পিছত গুৱাহাটীৰ সাতগাঁৱৰ তালতলাত থকা নিজৰ বাসগৃহত মাতৃৰ  সৈতে বাস কৰিছিল। সেই সময়ছোৱাত ৫৫ বছৰীয়া অৰুণ প্ৰধান ওৰফে লুটে প্ৰধান নামৰ এজন ব্যক্তিয়ে  মাতৃগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু এই সম্পৰ্ক প্ৰধানৰ পৰিয়ালে মানি লোৱা নাছিল যাৰ বাবে দুয়োটা পৰিয়ালৰ মাজত বিবাদৰ সৃষ্টি হৈছিল।

এই বিবাদ  তুংগত উপনীত হোৱাৰ লগে লগে অৰুণ প্ৰধানৰ পুত্ৰ অমিত প্ৰধানৰ লগতে আন সাতজন লোকে ভুক্তভোগীৰ ঘৰত প্ৰৱেশ কৰি মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ কৰি দুয়োৰে গুপ্তাংগত জলকীয়াৰ গুৰি লগাই দিয়ে।

ঘটনাৰ বিষয়ে জানিব পাৰি চুবুৰীয়াই সাতগাঁও থানাত এজাহাৰ দাখিল কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অজ্ঞান অৱস্থাত দুই ভুক্তভোগীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। জৰুৰীকালীন স্বাস্থ্যসেৱাৰ জৰিয়তে চিকিৎসালয় কৰ্তৃপক্ষই দুয়োৰে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছত সাতগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৫৬, ২৯৪, ৩৫৪ আৰু ৩৫৪ (বি) ধাৰাত অভিযোগৰে ৯২/২৩ নম্বৰৰ গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰে। কিন্তু আৰক্ষীয়ে প্ৰথমে তেওঁলোকৰ গোচৰত ধৰ্ষণৰ অভিযোগ পঞ্জীয়ন কৰা নাছিল।

প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে অভিযুক্ত অমিত প্ৰধান, বিমল চেত্ৰী, ছয়া প্ৰধান আৰু সন্ধিয়া সোণাৰক গ্ৰেপ্তাৰ কৰে। কিন্তু পুত্ৰ আৰু আনজন অভিযুক্তক জেলৰ পৰা উলিয়াই অনাৰ লক্ষ্যৰে অৰুণ প্ৰধানে মহিলাগৰাকীক বিয়া কৰোৱাৰ লগতে কৌশলেৰে মহিলাগৰাকীৰ দ্বাৰা গোচৰৰ সকলো অভিযোগ উঠাই লয় যদিও জি এম চি এইচৰ চিকিৎসা প্ৰতিবেদনত ধৰ্ষণ নিশ্চিত হোৱাৰ পিছতহে বিষয়টো চৰ্চালৈ আহে আৰু যাৰ ফলত আৰক্ষীয়ে গোচৰটোত আই পি চিৰ ৩৭৬ ধাৰাৰ অভিযোগ সংযোজন কৰিবলৈ বাধ্য হৈ পৰে।

জানিব পৰা মতে, এই ঘটনাৰ চাৰিজন অভিযুক্তক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বিপৰীতে পলাতক অৱস্থাত আছে বাকী চাৰিজন অভিযুক্ত।

লগতে পঢ়কঃ আজি হীৰুদাৰ একাদশ মৃত্যুবাৰ্ষিকী; ‘অযুত তৰাৰ ঘুমটি ভাঙি’ উৰি আহিছে ‘সুগন্ধি পখিলা’

লগতে পঢ়কঃ ‘PUBG’ গেম খেলিয়েই প্ৰেম! চাৰিটা সন্তানক কোলাত লৈ ভাৰতত পাকিস্তানী মহিলা; আটক আৰক্ষীৰ

লগতে পঢ়কঃ যুৱকে আপত্তিজনক ফটো অনলাইনত পোষ্ট কৰাৰ পিছতে মহানগৰীত আত্মহনন ১৯ বছৰীয়া যুৱতীৰ

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd