NORTHEAST NOW (Assamese)
অসম

বিজেপি চৰকাৰে বন্দী কৰা মণিপুৰৰ “দেশদ্ৰোহী” সাংবাদিকক মুক্তি উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ April 8, 2019 7:21 pm
Manipur High Court orders release of journalist Kishorchandra Wangkhem detained under National Security Act

চৰকাৰক সমালোচনা কৰাৰ “অপৰাধ”ত মণিপুৰৰ বিজেপি চৰকাৰে “দেশদ্ৰোহ”ৰ গোচৰত জে’লত ভৰোৱা সাংবাদিক কিশোৰচন্দ্ৰ ৱাংখেমক সোমবাৰে মুক্তি দিছে মণিপুৰ উচ্চ ন্যায়ালয়ে।

“আমি মৌখিক নিৰ্দেশটো লাভ কৰিছো, কিন্তু লিখিত নিৰ্দেশটোৰ বাবে অপেক্ষা কৰি আছো,” সাংবাদিকগৰাকীৰ পত্নী ৰঞ্জিতা ইলাংবামৰ উদ্ধৃতি The Wireৰ। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৱা ৱাংখেম যোৱা ২০ ডিচেম্বৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং আৰু দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক চোকা সমালোচনাৰে ৱাংখেমে কৰা এটা ফে’চবুক ভিদিঅ’ৰ পিছতে যোৱা ২১ নৱেম্বৰত সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। ২৭ নৱেম্বৰত তেওঁৰ ওপৰত জাপি দিয়া হৈছিল ৰাষ্ট্ৰীয় নিৰাপত্তা আইন।

বিজেপি আৰু আৰ এচ এচক সমালোচনা কৰি সাংবাদিকজনে মুখ্য মন্ত্ৰী সিঙক “হিন্দুত্বৰ পুতলা”ৰূপে আখ্যায়িত কৰিছিল।

ৱাংখেমক গ্ৰেপ্তাৰৰ ঘটনাই দেশী-বিদেশী সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ লগতে তীব্ৰভাৱে সমালোচিত হৈছিল মণিপুৰ চৰকাৰ।

বাতৰি মতে কাৰাৰুদ্ধ সাংবাদিকগৰাকী যোৱা মাৰ্চ মাহৰ পৰা অসুস্থ হৈ আছে আৰু ইম্ফলৰ এখন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে।