মণিপুৰৰ শান্তি আলোচনাঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বৈঠকক ৰাজনৈতিক নাটক আখ্যা ক’ক’মিৰ
কেন্দ্ৰীয় চৰকাৰে মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে মেইটেই আৰু কুকি জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। ২০২৩ চনৰ মে’ মাহৰ পৰা দুয়োটা জনগোষ্ঠীৰ সংঘাতৰ বাবে মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ আহিছে। ২৩ বৰ্ষৰ পৰা এই সংঘাত মীমাংশাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে মেইটেই আৰু কুকি সম্প্ৰদায় মুখামুখি অলোচনাত বহিছে।
আৱশ্যে মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতি (ক’ক’মি) য়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই বৈঠকক তীব্ৰ সমালোচনা কৰি এই বৈঠক খন ৰাজনৈতিক নাটকৰ বাদে আন একো নহয় বুলি মত প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত দিয়া ‘ভুল তথ্য’ক শক্তিশালী কৰা উদ্দেশ্যে এই বৈঠকৰ আয়োজন কৰা বুলি দাবী কৰিছে ক’ক’মিয়ে।
সংগঠনটোৱে দিল্লীত হোৱা এই অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত আছে। ভাৰত চৰকাৰে মণিপুৰৰ সংঘাতক কেৱল মীটেই আৰু কুকি সম্প্ৰদায়ৰ মাজৰ জাতিগত বিবাদ বুলি দেখুৱাবলৈ চেষ্টা কৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে এই বৈঠকে সংঘাতৰ প্ৰকৃত আৰু জটিল কাৰণবোৰক আওকাণ কৰিব বুলিও উল্লেখ কৰিছে কৰিছে সংগঠনটোৱে। এই সংঘাতত কুকিৰ সৈতে জড়িত সন্ত্ৰাসবাদী গোট আৰু ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত চলা প্ৰক্সি যুদ্ধৰ হাত আছে বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে ২০২৩ চনৰ হিংসাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপক পক্ষপাতমূলক বুলিও অভিযোগ উত্থাপন কৰিছে।
ইম্ফলত হোৱা পূৰ্বৰ বৈঠকৰ কথা উল্লেখ কৰি সংগঠনটোৱে উল্লেখ কৰে যে মণিপুৰৰ জনতাই কেন্দ্ৰীয় চৰকাৰক নিৰপেক্ষ শান্তিৰ মধ্যস্থতাকাৰী হিচাপে নহয়, সংঘাতৰ এটা পক্ষ হিচাপেহে চাই। তেওঁলোকে ২০০৫ চনৰ SoO চুক্তিৰ অধীনত বিদেশী সশস্ত্ৰ গোটক আশ্ৰয় দিয়াৰ বিষয়তো উদ্বেগ প্ৰকাশ কৰিছে।
উল্লেখ যোগ্য যে কোক’মিয়ে শান্তি প্ৰক্ৰিয়াৰ মণিপুৰত আইনৰ শাসন কঠোৰভাৱে প্ৰয়োগ কৰা, পাহাৰীয়া অঞ্চলৰ সশস্ত্ৰ গোট, বিশেষকৈ SoOৰ অধীনৰ গোটসমূহক নিষ্ক্ৰিয় কৰা, উগ্ৰপন্থীৰ বিৰুদ্ধে গোচৰ চলোৱা আৰু তেওঁলোকৰ দুৰ্গ ভাঙি পেলোৱা SoO চুক্তি বাতিল কৰা। ৰাজ্যত মুক্ত চলাচল পুনৰুদ্ধাৰ কৰা আৰু অবৈধ অনুপ্ৰৱেশ, সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ মূল কাৰণসমূহৰ স্বীকৃতি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে। যেতিয়ালৈকে সন্ত্ৰাসমুক্ত পৰিৱেশ পুনৰ স্থাপন নহয়, তেতিয়ালৈকে কোনো শান্তি আলোচনা সফল নহ’ব বুলিও মত প্ৰকাশ কৰিছে।