NORTHEAST NOW (Assamese)

সিদ্ধান্ত সলনি: পদত্যাগ নকৰে বীৰেণ সিঙে

June 30, 2023 5:34 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 30, 2023 5:37 pm

মণিপুৰৰ ৰাজনীতিত টুইষ্টৰ পিছত টুইষ্ট! ৰাজ্যখনত চলি থকা অৰাজকতা তথা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰী বীৰেণ সিঙে পদত্যাগ কৰাৰ সম্ভাৱনা আছে বুলি যি বাতৰি পোহৰলৈ আহিছিল, সেয়া এতিয়া সলনি হৈছে।

মুখ্যমন্ত্ৰী বীৰেণ সিঙে সলনি কৰিছে সিদ্ধান্ত। মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে বীৰেণ সিঙে। ৰাজ্যৰ জনসাধাৰণ আৰু মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ আবেদনক সঁহাৰি জনাই সিঙে পদত্যাগৰ সিদ্ধান্ত পৰিত্যাগ কৰিছে।

মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰিবলৈ ৰাজভৱনলৈ যোৱাৰ পথত বীৰেণ সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰিবলৈ আহ্বান জনাইছিল সহস্ৰাধিক সমৰ্থকে।

এই বৈঠকত বীৰেণ সিঙে মণিপুৰৰ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে এক টুইট যোগে বীৰেণ সিঙে পদত্যাগ নকৰে বুলিহে ঘোষণা কৰে।

 

উল্লেখ্য যে মণিপুৰৰ ক্ৰমবৰ্ধমান সংকট নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী বীৰেন সিঙ। ৰাজ্যৰ দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষই ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছত ৩ মে’ৰ পৰা উত্তপ্ত হৈ আছে মণিপুৰ।

এনে ভয়াৱহ হিংসাত্মক পৰিস্থিতিৰ ফলত শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহাৰা হৈছে। এই সংকট নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগত বিৰোধীয়ে বীৰেণ সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনাইছিল।

আজি দূপৰীয়াৰ সময়ত সূত্ৰৰ দ্বাৰা প্ৰকাশ পোৱা বাতৰিত সিঙক পদত্যাগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে হেঁচা প্ৰয়োগ কৰা বুলি চৰ্চিত হৈছিল যদিও এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা তেনে কোনো হেঁচা নাই বুলিহে জানিব পৰা গৈছে।

Related News