NORTHEAST NOW (Assamese)
অসম

চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল মণিপুৰৰ প্ৰথম গৰাকী ক’ৰ’নাত আক্ৰান্ত ব্যক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2020 6:34 pm
Manipur-first-COVID-19-positive-case-1140x570

মণিপুৰৰ প্ৰথম গৰাকী ক’ৰ’নাত আক্ৰান্ত ব্যক্তিক দেওবাৰে পৰীক্ষাৰ অন্তত ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয়।

মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেণ সিঙে টুইটাৰত ৰাজ্যখনৰ প্ৰথম গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তি সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ ফটো টুইটাৰত আপলোড কৰি চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে।

‘ভগৱানক ধন্যবাদ। জৱাহৰলাল নেহৰু ইষ্টিটিউট অব মেডিকেল চায়েঞ্চ(জেএনআইএমএছ)ৰ সকলো চিকিৎসক আৰু চিকিৎসা কৰ্মীলৈ ধন্যবাদ। মণিপুৰৰ প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তক আজি চিকিৎসালয়ৰ পৰা যোৱাৰ বাবে অনুমতি দিয়া হয়। সকলোৱে সুস্থ থাকক আৰু ঘৰত থাকক,’’ মুখ্য মন্ত্ৰী বীৰেণ সিঙে টুইটাৰত লিখে।

উল্লেখযোগ্য যে, মণিপুৰৰ ক’ৰ’নাত আক্ৰান্ত মহিলা গৰাকী দ্বিতীয় বাৰৰ বাবে পৰীক্ষাত ক’ৰ’না নিগেটিভ আহে আৰু চিকিৎসালয়ত কিছুদিন চিকিৎসা কৰাৰ অন্তত তেওঁক মুকলি কৰি দিয়া হয়।

মণিপুৰত বৰ্তমানলৈ দুগৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্ত ব্যক্তি সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত দ্বিতীয় গৰাকী ব্যক্তিক ইম্ফলৰ ৰিজিঅ’নেল ইষ্টিটিউট অব মেডিকেল চায়েঞ্চত চিকিৎসা প্ৰদান কৰি থকা হৈছে।