NORTHEAST NOW (Assamese)

একেটা চিৰিঞ্জেৰে অনেক ৰোগীক বেজী দিয়াৰ পৰিণতি : কন্যা শিশুৰ শৰীৰত ধৰা পৰিল HIV

March 5, 2023 8:26 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশত এগৰাকী কন্যা শিশুৰ শৰীৰত এইচ আই ভি পজিটিভ ধৰা পৰাৰ পিছতেই অভিযোগ উত্থাপন হৈছে যে এখন চিকিৎসালয়ৰ চিকিৎসকে শিশুসকলক বেজী দিবলৈ ব্যৱহাৰ কৰে একেটা চিৰিঞ্জ। শিশুটিৰ পিতৃ মাতৃয়ে উত্থাপন কৰিছে এই অভিযোগ। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী গ্ৰেপ্তাৰ কৰিছে এজন চিকিৎসকক।

উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে এই ঘটনাৰ প্ৰতিবেদনৰ বাবে ৰাণী বাই লোধি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক তলব কৰিছে। এই ঘটনাত যদি কোনো লোক দোষী সাব্যস্ত হয় তেন্তে তেওঁক কঠোৰ শাস্তি দিয়া হ’ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

একাংশ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি কেইমাহ মান আগতে এগৰাকী কন্যা শিশুক উত্তৰ প্ৰদেশৰ ৰাণী বাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰপিছত যোৱা ২০ ফেব্ৰুৱাৰীত শিশুটি এইচ আই ভি পজিটিভ বুলি ধৰা পৰে।

শিশুটিৰ পিতৃমাতৃয়ে জিলা দণ্ডাধীশ অংকিত আগৰৱালাক অভিযোগ দাখিল কৰিছে যে চিকিৎসালয়খনৰ একাধিক শিশুক একেটা চিৰিঞ্জেৰেই বেজী দিয়া হৈছিল। যাৰ বাবে তেওঁলোকৰ সন্তান এইচ আই ভিত আক্ৰান্ত।

লগতে তেওঁলোকে অভিযোগ কৰে যে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দিবলৈ যাওঁতে সেই নিশাই শিশুটিক হাস্পাতালৰ পৰা পঠিয়াই দিয়া হৈছিল। কেৱল সেয়াই নহয়, তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছিল।

জিলা স্বাস্থ্য বিষয়া উমেশকুমাৰ ত্ৰিপাঠীয়ে জনোৱা মতে, এই ঘটনাৰ তদন্ত অব্যাহত আছে। লাভ কৰা তথ্যসমূহ প্ৰতিবেদনৰ ৰূপত জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰা হ’ব। কোনো কোনো ব্যক্তি দোষী সাব্যস্ত হ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Related News