NORTHEAST NOW (Assamese)
দেশ

চত্তীশগড়ত পুনৰ কুটাঘাত মাওবাদীৰ : বিস্ফোৰণত নিহত শ্ৰমিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2025 9:30 pm
চত্তীশগড়ত পুনৰ কুটাঘাত মাওবাদীৰ : বিস্ফোৰণত নিহত শ্ৰমিক

চত্তীশগড়ৰ বাস্তা সংমণ্ডলত পুনৰ কুটাঘাত সংঘটিত কৰিছে মাওবাদীয়ে। এইবাৰ মাওবাদীয়ে লক্ষ্য কৰি ল’লে এটা লোহাৰ অক্সাইড খনি।

শুকুৰবাৰে পুৱা উক্ত খনিটোত মাওবাদীয়ে বোমা বিস্ফোৰণ কৰে । এই বিস্ফোৰণত এজন শ্ৰমিকৰ মৃত্যু হয় লগতে আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা প্ৰায় ১০:৪৫ বজাত ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছোটেডোংগাৰ থানা এলেকাৰ পাহাৰ আৰু বনাঞ্চলেৰে আগুৰি থকা আমদৈ ঘাটি লোহা খনিটোত সংঘটিত হয় এই বিস্ফোৰণ।

আৰক্ষীয়ে দাবী কৰিছে যে এটা ব্যক্তিগত কোম্পানীৰ মালিকানাধীন খনিটোত মাওবাদীয়ে সংস্থাপন কৰা বোমাটো বিস্ফোৰণ হয়।

আহত শ্ৰমিককগৰাকীক ডংগৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসাৰ সময়ত এজন শ্ৰমিকৰ মৃত্যু হয়।