NORTHEAST NOW (Assamese)

চাহ শ্রমিকৰ ১৪দফীয়া সমস্যা সমাধানৰ দাবী ভাৰতীয় চাহ মজদুৰ সংঘ, মাৰ্ঘেৰিটা শাখাৰ

March 25, 2022 6:55 pm · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
ফটো: নৰ্থইষ্ট নাও।

ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাই আজি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি  চাহ শ্রমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র  প্রেৰণ কৰে।

মাৰ্ঘেৰিটা শাখাৰ সভাপতি এ ৰামা ৰাও আৰু সম্পাদক নিৰ্মল দাস স্বাক্ষৰিত স্মাৰক পত্র যোগে  চাহ শ্রমিকৰ  দৈনিক মজুৰি ৩৫১ টকা কৰা, দেওবাৰৰ বন্ধৰ দিন যদিও মজুৰি ব্যৱস্থা  কৰা, চাহ বাগিচাৰ বিদ্যালয়সমূহ প্রাদেশিকীৰণ কৰা,  চাহ বাগিচাৰ চিকিৎসালয়সমূহত উন্নত সেৱাৰ ব্যৱস্থা কৰা, অৱসৰ প্রাপ্ত চাহ শ্রমিকক ভূমিৰ পট্টা প্রদান কৰা, ব্যক্তিগত খণ্ডৰ চাহ ফেক্টৰীসমূহত কাম কৰা শ্রমিকৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা , চাহ মুখ্য কায্যালয় অসমত স্থাপন কৰা আদি ১৪ দফীয়া দাবী  উত্থাপন কৰে।

উল্লেখ্য যে দীৰ্ঘদিন  ধৰি সংঘটনটোৱে চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত  চৰকাৰক বিভিন্ন মাধ্যমেৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰি আহিছে।

Related News