NORTHEAST NOW (Assamese)

মৰিগাঁও স্কুল দবাত ইশান্ত, প্ৰাপ্তি চেম্পিয়ন

April 13, 2022 6:27 am · এন ই নাও নিউজ,গুৱাহাটী

মৰিগাঁও জিলা দবা সন্থা আৰু শিক্ষক সমাজৰ উদ্যোগত মৰিগাঁও মজলীয়‍া বিদ্যালয়ত অনুষ্ঠিত হোবা আন্ত: স্কুল দবা প্ৰতিযোগ ল’ৰা শাখাত ইশান্ত প্ৰতীম ডেকা আৰু ছোবালী শাখাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ।

দুয়োগৰাকী দবাৰুবে মুঠ ৬ খনৰ আটাইকেই খনতে জয়ী হয় । আনহাতে প্ৰতিযোগিতা খনৰ ল’ৰা আৰু ছোৱালী উভয় শাখাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নিশান্ত মহান্তি ,পীয়ূষ প্ৰীতম মছৰংগ ,বাৰবী শইকীয়া , ৰুবিনা আখটাৰে ।

প্ৰতিযোগিতা খনৰ বঁটা বিতৰণী সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিজয়ী দবাৰুৰ মাজত বঁটা বিতৰণ কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া আৰু সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতাই ।

উল্লেখ্য যে প্ৰতিযোগিতাৰ পূৰ্বে ন-দবাৰু সকলৰ মাজত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে উদ্যোক্তাসকলে ।

মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ ২ শতাধিক শিকাৰুৱে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীব ধৰে ।

উক্ত দবা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠানিকভাবে মুকলি কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক বুলি গগৈয়ে ।

Related News