ট’কিঅ’ অলিম্পিকলৈ আৰু মাত্ৰ এখোজ দূৰৈত বক্সাৰ মেৰী কম
মেৰী কম (ফাইল ফ'টো)
৬ বাৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ বক্সাৰ মেৰী কমে(৫১কিঃগ্ৰা) আৰু এখন খেলত জয়ী হ’লেই ট’কিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব।
জৰ্ডানৰ আমনত অনুষ্ঠিত হৈ থকা এছিয়ান কোৱালিফায়াৰত কালি অনুষ্ঠিত এখন খেলত মেৰী কমে কমনৱেলথ গেমছৰ ব্ৰঞ্জ বিজয়ী নিউজিলেণ্ডৰ বক্সাৰ তাছমিন বেনীক ৫-০ ব্যৱধানত পৰাস্ত কৰে।
পৰৰ্ৱতী খেলত মেৰী কম মুখামুখি হ’ব ফিলিপিন’ আইৰিছ মাংগোৰ সৈতে। এইখন খেলত জয়ী হ’লেই ৩৭ বছৰীয়া মেৰী কমে ট’কিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব।
অৱেশ্যে ইয়াৰ বাবে মেৰী কমে যথেষ্ট কঠিন যুঁজত অৱতীৰ্ণ হ’ব লাগিব বুলি ধাৰণা কৰা হৈছে।
উল্লেখ্য যে, মেৰী কমৰ পৰৱৰ্তী প্ৰতিদ্বন্দ্বী মাংগোৱে পূৱবৰ্তী খেলত প্ৰতিদ্বন্দ্বী উইনি আউ ইন ইনক ১৬ টা ৰাউণ্ডৰ দ্বিতীয় ৰাউণ্ডতে পৰাস্ত কৰি নিজৰ শক্তিৰ পৰিচয় দিছে।