NORTHEAST NOW (Assamese)

গুৱাহাটীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা; তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

June 26, 2020 11:00 am · কল্পজ্য়োতি শইকীয়া
ফটো-নৰ্থ-ইষ্ট নাও

বিগত কেইদিনমান ধৰি হৈ থকা প্ৰবল বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

আজি ৰাতিপুৱা  গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা পাৱাৰ হাউচৰ সমীপত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

ভূমিস্খলনৰ ফলত এটা বাসগৃহৰ ওপৰত এখন গাৰ্ড ৱাল খহি পৰে আৰু গাৰ্ড ৱাল খহি পৰাৰ ফলতে ঘৰটোত থকা তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত লোক তিনিগৰাকী হৈছে ক্ৰমে- উষা বৰা(৬২), গোলাপী কলিতা(১৮) আৰু ভৰত কলিতা(৪৫)।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে গাৰ্ড ৱালৰ খহি পৰা অংশৰ তলতে আবদ্ধ হৈ আছে ভৰত কলিতা নামৰ লোকজন।

উষা বৰা আৰু গোলাপী কলিতাক উদ্ধাৰ কৰি ইতিমধ্যে হায়াত হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, উষা বৰা ঘৰটোৰ মালিক আৰু গোলাপী কলিতা আৰু ভৰত কলিতা উক্ত ঘৰটোতে ভাৰাতীয়া হিচাপে আছিল।

ইতিমধ্যে ঘটনাস্থলীত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বাহিনী উপস্থিত হৈ ভৰত কলিতাক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

ঘটনাস্থলীত দিছপুৰ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু প্ৰসাদ দাসো উপস্থিত হৈছে।

জানিব পৰা মতে, ভূমিস্খলনৰ ঘটনাৰ পৰা কথমপি ভৰতৰ পত্নী আৰু পুত্ৰ সন্তান ৰক্ষা পৰে ।

Related News