NORTHEAST NOW (Assamese)

চৰকাৰৰ নিৰ্দেশলৈ সহাঁৰি: দিনৰ বাৰ বজাৰ লগে লগে জনশূন্য হৈ পৰিল কোকৰাঝাৰ চহৰ

May 16, 2021 4:21 pm · ৰিনয় বসুমতাৰী
Updated: May 16, 2021 4:34 pm

ৰাজ্যত কৰ’ণা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰা প্ৰতি লক্ষ্য ৰাখি আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত জিলাখনৰ সংবাদকৰ্মীৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োই ।

কৰ’ণাৰ যুদ্ধত সংবাদকৰ্মীসকলেও এক অংশীদাৰ হিচাবে কাম কৰি অহা বুলি কৈ কয় দাওবাইছা বড়োই ।

নিজৰ জীৱন নিজৰ হাতৰ মুঠিত বুলি উল্লেখ কৰি  ইয়াৰ বাবে চৰকাৰে জাৰি কৰা কোভিড SOP ক মানি চলিবলৈ ৰাইজক আহ্বান জনায় বিটিআৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ।

ৰাজ‍্যত ভয়ানক ৰূপত কৰ’ণা সংক্ৰমণ হৈয়েই আছে। সমান্তৰালকৈ কোকৰাঝাৰ জিলাতো মহামাৰী ৰূপ ধাৰণ কৰিছে কৰ’ণা সংক্ৰমণে ।

ক’ৰ’ণা মহামাৰীৰ পৰা ৰাজ‍্যবাসীয়ে পৰিত্ৰাণ পাবলৈ  ৰাজ‍্য চৰকাৰে আজিৰে পৰা নতুন SOP জাৰি কৰিছে। বিটিআৰ সদৰ চহৰ কোকৰাঝাৰবাসীয়েও চৰকাৰৰ পদক্ষেপলৈ সম্পূৰ্ণ সঁহাৰি জনাইছে।

আজি ১১ বজাৰ লগে লগে দেখা গ’ল ব্যৱসায়ী সকলে দোকান-পোহাৰ বন্ধ কৰাৰ দৃশ্য । লগতে ১২ বজাৰ পৰা বলবৎ হোৱা নৈশ সান্ধ‍্য আইনৰ সময়তো সম্পূৰ্ণ স্তদ্ধ  হৈ পৰে কোকৰাঝাৰ চহৰ ।

Related News