NORTHEAST NOW (Assamese)
Popular Stories

এনে চোৰ দেখা নাই! সা-সৰঞ্জাম সহ চুৰি কৰি লৈ গ’ল ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2023 12:32 pm

বিহাৰৰ ৬০ ফুট দীঘল লোহাৰ দলং চুৰি হোৱাৰ এবছৰৰ পাছত উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ উজ্জয়নী গাঁৱত ১০ টনতকৈ অধিক ওজনৰ এটা ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ চুৰি হৈছে।

আমোদজনকভাৱে এজন টেকনিছিয়ানে বুধবাৰে অৰ্থাৎ ২৯ নৱেম্বৰত এই বিষয়ে আৰক্ষীক অৱগত কৰিছিল যদিও তেওঁৰ অভিযোগত কোৱা হৈছে যে ৩১ মাৰ্চতে টাৱাৰটো নিৰুদ্দেশ হোৱা দেখা গৈছিল। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আই পি চি ধাৰা ৩৭৯ (চুৰি)ৰ অধীনত এফ আই আৰ ৰুজু কৰিছে।

লগতে পঢ়কঃ প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

অভিযোগত উল্লেখ কৰা হৈছে যে কেৱল টাৱাৰটোৱেই নহয়, মোবাইল টাৱাৰৰ নিৰ্মাণৰ অংশ যেনে জিৰণি ঘৰ, বৈদ্যুতিক ফিটিংছ আৰু অন্যান্য সঁজুলিও নোহোৱা হৈছে। ইয়াৰ মূল্য ৮.৫ লাখতকৈও অধিক বুলি কোৱা হৈছে।

এই ঘটনাৰ বাবেই বৃহস্পতিবাৰে গোটেই দিনটো ব্যতিব্যস্ত হৈ থাকিল আৰক্ষী। সন্দিপন ঘাট থানাৰ এটা দলে সেই স্থান পৰিদৰ্শন কৰি মাটিৰ মালিক আৰু স্থানীয় ৰাইজৰ বক্তব্য লিপিবদ্ধ কৰিছে।

টেকনিছিয়ান ৰাজেশ কুমাৰ যাদৱে তেওঁৰ এজাহাৰত কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁৰ কোম্পানীয়ে কৌশাম্বী জিলাৰ উজ্জয়নী গাঁৱৰ উবিদ উল্লাৰ ফাৰ্মত এটা টাৱাৰ স্থাপন কৰিছিল।

লগতে পঢ়কঃ আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

যাদৱে জানিবলৈ দিয়া মতে, ২০২৩ চনৰ ৩১ মাৰ্চত পৰিদৰ্শনৰ বাবে সেই স্থানলৈ যোৱাৰ সময়ত সমগ্ৰ টাৱাৰটোৰ লগতে অন্যান্য সামগ্ৰী নোহোৱা হৈছিল। তাত ইয়াৰ কোনো চিন চাব নাছিল।