NORTHEAST NOW (Assamese)

‘নীলম-ঝিলম বেহনে দো’-চীন বিৰোধী প্ৰতিবাদত উত্তাল পাকিস্তান অধিকৃত কাশ্মীৰ

August 25, 2020 12:20 pm · এন ই নাও নিউজ
ফটো সৌজন্য: ৰিপাব্লিক ৱৰ্ল্ড

চীনৰ অভিন্ন বন্ধু পাকিস্তানৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে পাকিস্তান অধিকৃত কাশ্মীৰৰ হাজাৰ হাজাৰ লোক।

সোমবাৰে নিশা পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফৰবাদ চহৰ তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰে। নিশা আন্ধাৰৰ মাজেৰ জোৰ লৈ ইয়াৰ স্থানীয় লোকসকলে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদত চামিল হোৱা লোকসকলৰ এটাই শ্ল’গান আছিল ‘নদী ৰক্ষা কৰক, মুজাফৰবাদ ৰক্ষা কৰক’,’নীলম-ঝিলম বৈ থাকিবলৈ দিয়ক’।

উল্লেখ্য যে পাকিস্তানৰ ইমৰাণ খান চৰকাৰে চীনৰ সহায়ত পাকিস্তান অধিকৃত কাশ্মীৰত এটা বান্ধ নিৰ্মাণ কৰি আছে।

নীলম-ঝিলাম নৈৰ ওপৰত এই বান্ধটো নিৰ্মাণ হ’লে ভাৰত তথা কাশ্মীৰৰ জনসাধাৰণ সমস্যাৰ সন্মুখীন হ’ব। ইয়াৰ ফলত ভাৰতৰ দখলত থকা কাশ্মীৰত পানীৰ সংকট বৃদ্ধি পাব।

চীনে পাকিস্তানৰ এই কাৰ্যত সহায়ৰ হাত আগবঢ়াইছে। সেয়ে, চীনৰ বিৰুদ্ধে সোমবাৰে তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ বাসিন্দাসকল।

পাকিস্তান অধিকৃত আজাদ পট্টনত কোহলা জলবিদ্যুৎ কেন্দ্ৰৰ এটা ক্ষিপ্ৰ প্ৰকল্প আৰম্ভ কৰিবলৈ লোৱা হৈছে।

চীন-পাকিস্তানৰ অৰ্থনৈতিক ক’ৰিডৰৰ আটাইতকৈ বৃহৎ তথা গুৰুত্বপূৰ্ণ প্ৰকল্প কোহলাই নীলম-ঝিলামৰ গতিপথ ৰুদ্ধ কৰি তুলিব। কিয়নো ইয়াতেই বান্ধ নিৰ্মাণ হ’ব।  সেয়েহে,পাকিস্তান অধিকৃত কাশ্মীৰৰ এই অঞ্চলৰ বাসিন্দাসকল প্ৰতিবাদত সৰৱ হৈ পৰিছে।

চীনৰ গাজুবা গ্ৰুপৰ সাহায্যত নিৰ্মিত এই বান্ধৰ হাত ধৰিয়েই পাকিস্তান অধিকৃত কাশ্মীৰৰত নিজৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ পাকিস্তান তৎপৰ হৈ পৰিছে।

কিন্তু চীন আৰু পাকিস্তানৰ ন্যস্ত স্বাৰ্থৰ মাজত অসহায় হৈ পৰিছে পাকিস্তান অধিকৃত কাশ্মীৰৰ বাসিন্দাসকল।

Related News