NORTHEAST NOW (Assamese)

সুশান্তৰ ইছ্যুত মিডিয়াই মিছাতে কাঠগড়াত তোলাৰ অভিযোগ তুলি পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰীয়া চক্ৰৱৰ্তী

August 10, 2020 8:56 pm · এন ই নাও নিউজ
Updated: August 10, 2020 8:58 pm

বলিউদৰ প্ৰতিভাধৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই ইতিমধ্যে নতুন মোৰ লৈছে।

ঘটনাৰ তদন্ত ইতিমধ্যে চিবিআইক অৰ্পণ কৰাৰ লগতে ইডি(ED)এ সোধপোছ আৰম্ভ কৰিছে সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীক।

ইতিমধ্যে ইডি-এ সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ লগতে তেওঁ ভাতৃকো মাৰাথান জেৰা চলাই আছে।

তেনে সময়তে ৰীয়া চক্ৰৱৰ্তীয়ে মিডিয়াই তেওঁক মিছাতে সুশান্তৰ ইছ্যুত সাঙুৰি লোৱা বুলি পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

উল্লেখ্য যে, ইতিমধ্যে ৰীয়াই  সুশান্তৰ পিতৃয়ে ৰুজুৰ কৰা বিহাৰৰ পাটনাৰ গোচৰটো মুম্বাইলৈ হস্তান্তৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰি মুখ থেকেছা খাইছিল।

ইডি-এ বছৰি মাত্ৰ ১২ ৰপৰা ১৪ লক্ষ্য থকা উপাৰ্জন কৰা ৰীয়াই কেনেকৈ মুম্বাইৰ অভিজাত এলেকাত দামী ফ্লেট ক্ৰয় কৰিলে সেই সম্পৰ্কে প্ৰশ্ন কৰা বুলি জানিব পৰা গৈছে।

ইফালে ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমত সুশান্তৰ আত্মহত্যাৰ বাবে ৰীয়া চক্ৰৱৰ্তীকে জগীৰয়া কৰি নিৰন্তৰ বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে।

এই কথাত অসন্তুষ্ট হৈয়ে ৰীয়াই সংবাদ মাধ্যমৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলি জানিব পৰা গৈছে।

Related News