NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বিত্ত আৰু গৃহ মন্ত্ৰীৰ সৈতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2019 8:07 am
Meghalaya-CM-750x375

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, উপ মুখ্য মন্ত্ৰী প্ৰেছটোন টাইছং আৰু জলসম্পদ মন্ত্ৰী মিতবাহ লিংডোই নতুন দিল্লীত ভালেকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী বৰ্গৰ সৈতে হোৱা বৈঠকৰ সময়ত মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ভালেমান দিশত কেন্দ্ৰীয় চৰকাৰৰ সাহায্য বিচাৰে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই উপ মুখ্য মন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী গৰাকীৰ সৈতে মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনৰ বানপানীৰ বিষয়ে অৱগত কৰি কেন্দ্ৰৰ সহায় বিচাৰে।

চাংমাই গৃহমন্ত্ৰীগৰাকীক মেঘালয় চৰকাৰলৈ সহায়ৰ বাবে দিয়া  আশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

গৃহ মন্ত্ৰীক সাক্ষাতৰ পাছতে মেঘালয়ৰ মন্ত্ৰীৰ প্ৰতিনিধি দলটোৱে মঙলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু মেঘালয়ৰ সামগ্ৰিক বিত্তীয় স্থিতিৰ বিষয়ে অৱগত কৰি ৰাজ্যৰ ৰাজহ সংগ্ৰহ ব্যৱস্থা সম্বন্ধে আলোচনা কৰে।

মুখ্য মন্ত্ৰী চাংমাই মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া ২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ বাবে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ণৰ কাৰণে অতিৰিক্ত পুঁজি আৱন্তন দিয়াৰ বাবে অনুৰোধ জনায়।

তাৰোপৰি, চাংমাই নতুন দিল্লীত পঞ্চদশ বিত্তীয় আয়োগৰ অধ্যক্ষৰ সৈতে এখনত বৈঠকত অংশগ্ৰহণ কৰি মেঘালয়ত চলি থকা চাৰিটা বৃহৎ প্ৰকল্প ২০২০-২০২৫ চনৰ ভিতৰত কাৰ্য্যকৰী কৰাৰ বাবে ৪,৩৪০ কোটি টকাৰ সাহায্যৰ বাবে আবেদন কৰে।

উল্লেখিত চাৰিটা বৃহৎ প্ৰকল্পৰ ভিতৰত ৩৯ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে আন্তঃগাঠনিৰ উন্নয়ণ, মেঘালয়ক হাই ভেল্যু পৰ্যটন স্থান হিচাপে গঢ় দিয়া, শ্বিলঙত কেবল পৰিবহন সেৱা মুকলি আৰু ৰাজ্যখনত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰাই প্ৰধান স্থান লাভ কৰে।

বৈঠকৰ কালছোৱাত মুখ্য মন্ত্ৰীয়ে মেঘালয় চৰকাৰ মানৱ সম্পদ বিকাশ, আন্তঃগাঠনিৰ উন্নয়ণ, প্ৰাথমিক খণ্ডৰ উন্নয়ণ আদি দিশ দাঙি ধৰে।

কেন্দ্ৰীয় চৰকাকে মেঘালয়ৰ উল্লেখিত প্ৰকল্পসমূহৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়াৰ কথা কনৰাড চাংমাই বৈঠকৰ অন্তত উল্লেখ কৰে।