NORTHEAST NOW (Assamese)

“খিলঞ্জীয়া বিৰোধী ভাইৰাচ” ৰ’মিঅ’ লিংদ’ক হত্যা এইচ এন এল চিৰ

May 14, 2019 7:00 pm · এন ই নাও নিউজ
Updated: May 14, 2019 8:59 pm
অজ্ঞাত স্থানত এইচ এন এল চি কেদাৰ। ছবি সৌজন্য-- Northeast Today।

“খিলঞ্জীয়াবিৰোধী ভাইৰাচ”ৰূপে অভিহিত কৰি মেঘালয়ৰ ৰ’মিঅ’ লিংদ’ নামৰ এজন লোকক হত্যা কৰিছে খাচি বিদ্ৰোহী সংগঠন এইচ এন এল চি (Hynñiewtrep National Liberation Council)-এ।

দেওবাৰে ৰাতি ভাৰত-বাংলা সীমান্তৰ সমীপৰ ইস্ত খাচি হিলচ জিলাৰ অন্তৰ্গত লাপালাং গাঁৱত তেওঁক গুলীয়াই হত্যা কৰা বুলি সংগঠনটোৱে দায়িত্ব স্বীকাৰ কৰিছে।

“এইচ এন এল চি আৰু খিলঞ্জীয়া বিৰোধী কাৰ্য্যকলাপ চলোৱা ৰ’মিঅ’ লিংদ’ হত্যাৰ বাবে আমাৰ সেনানী দায়ী,” মঙলবাৰে সন্ধিয়া ই মে’ইলযোগে জনায় সংগঠনটোৰ সাধাৰণ সম্পাদক তথা প্ৰচাৰ সচিব চাইনকুপাৰ নংত্ৰৱে।

লগতে পঢ়ক– ‘হিন্দুত্বৰ বীজ’ সিঁচা ন্যায়াধীশৰ পদত্যাগ দাবী মেঘালয়ৰ নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ

সংগঠন আৰু খিলঞ্জীয়া (Jaidbynriew)বিৰোধী কাৰ্য্যকলাপৰ লগতে “চোৰাংচোৱাগিৰি”ৰ অভিযোগো লিংদ’ৰ বিৰুদ্ধে সংগঠনটোৱে উত্থাপন কৰিছে।

মেঘালয় আৰক্ষীৰ “এ’জেন্ত” লিংদ’ই স্থানীয় এলেকাৰ লগতে বাংলাদেশতো চোৰাংচোৱা নিয়োগৰ কাম কৰিছিল বুলি চুবুৰীয়া দেশখনত আশ্ৰয় লৈ থকা বিদ্ৰোহী সংগঠনটোৱে দাবী কৰিছে।

লিংদ’ক এক দশকতকৈয়ো অধিক কাল মাৰিবলৈ খেদি থকা বুলিও সংগঠনটোৱে সদৰী কৰিছে।

“আমি তেওঁক ২০০৮চনৰে পৰা মাৰিবলৈ চাই আছিলো…২০১৬ত পিনুৰচলাত আমাৰ সদস্য আই ই দিৰ সৈতে ধৰা পৰিছিল, তেঁৱেই আমাৰ সদস্য সম্পৰ্কে আৰক্ষীক খবৰ দিছিল কাৰণ চোৰাংচোৱা বুলি গম নাপাই আমাৰ সদস্যই তেওঁৰ গাড়ী বুক কৰিছিল,” সংগঠনটোৰ বিবৃতি।

সংগঠনটোৱে লগতে জনাই যে আৰু কেইবাজনো লোক তেওঁলোকৰ হিত লিস্তত আছে।

“আমি প্ৰথমে মাৰিম আৰু তাৰ পিছত আমাৰ দাবীৰ বৈধতা প্ৰতিপন্ন কৰিম,” সংগঠনটোৱে জনায়।

লগতে পঢ়ক– স্বাধীন খাচিলেণ্ডৰ স্বপ্নৰে বাংলাদেশত পুনৰ সংগঠিত এইচ এন এল চি

আনহাতে হিংসাক সমাধান নহয় বুলি ঘোষণা কৰি সংগঠনটোৱে লগতে কয় যে হিংসাৰ মোকাবিলাত চৰকাৰে যেতিয়ালৈকে হিংসাৰ ব্যৱহাৰ কৰিব, তেতিয়ালৈকে তেওঁলোকৰো হিংসা থাকিব।

“ত্ৰিগাৰ টিপিবলৈ আমাৰ আঙুলি সাজু আছে, আৰু গুলীক শত্ৰুৰ বুকু বিদীৰ্ণ কৰিবলৈ দিয়া হওক,” সংগঠনটোৰ বিবৃতি।

আৰক্ষী সূত্ৰই জনোৱা মতে, দেওবাৰে নিশা প্ৰায় ১০ বজাত লিংদ’ক ঘৰৰ পৰা মাতি নিয়া হৈছিল।

কেইবাজনো প্ৰতিষ্ঠাপক শীৰ্ষ নেতাই অব্যাহতি লোৱাৰ পিছত বাংলাদেশত শেহতীয়াকৈ পুনৰ সংগঠিত হৈছে স্বাধীন খাচিলেন্দৰ দাবীদাৰ সংগঠনটো।

Related News