• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীন খাচিলেণ্ডৰ স্বপ্নৰে বাংলাদেশত পুনৰ সংগঠিত এইচ এন এল চি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2019 7:48 pm
hnlc

এইচ এন এল চি। ছবি সৌজন্য-- Northeast Today

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত এন এচ চি এন-কে মুখ্য কাৰ্য্যালয়ত তাতমাদাও-ৰ দখল আৰু আলফা (স্বাধীন)ৰ নীৰৱতাৰ মাজতে মুক্ত খাচিলেণ্ডৰ শপতেৰে বাংলাদেশত পুনৰ সংগঠিত হৈছে এইচ এন এল চি (Hynniewtrep National Liberation Council)।

নিজৰ আদৰ্শ সাৰোগত কৰি লক্ষ্যত উপনীত হোৱাৰ “সংগ্ৰাম অব্যাহত ৰখাৰ বাবে” যোৱা জানুৱাৰিত পুনৰ গঠন কৰা হৈছে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, খাচি বিদ্ৰোহী সংগঠনটোৰ বিবৃতিত প্ৰকাশ।

Apply Now

লগতে পঢ়ক– ‘হিন্দুত্বৰ বীজ’ সিঁচা ন্যায়াধীশৰ পদত্যাগ দাবী মেঘালয়ৰ নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ

পূৰ্বেও সংগঠনটোৰ মুখ্য সেনাধ্যক্ষৰ দায়িত্বত থকা ববি মাৰৱেইনৰ দায়িত্বত অধ্যক্ষৰ পদবীও যোগ দি খ্ৰাওবক জিৰৱা (উপাধ্যক্ষ), চাইনকুপাৰ নংত্ৰৱ (সাঃ সঃ আৰু প্ৰচাৰ সম্পাদক), এলেক্স দিয়েংদ (বৈদেশিক সচিব), ৱানচান মাৰৱেইন (বিত্ত), ৰিউপিৰখাত চুন (সাংগঠনিক সম্পাদক) আৰু এম ৰিনজা (সাংস্কৃতিক সম্পাদক)ক লৈ সমিতিখন গঠন কৰা হৈছে।

বাংলাদেশ মেঘালয়ৰ লগালগি হোৱাৰ লগতে দেশখনৰ ময়মনসিং আৰু চিলেট জিলাত আছে বুজনসংখ্যক খাচি লোকৰ বসতি, আছে বহুবিলাক খাচি গাওঁ।

ময়মনসিঙত ১ লক্ষাধিক আৰু চিলেটত আছে ৫০ হাজাৰোধিক খাচি লোক, যোৱা বছৰৰ অক্তোবৰত সংগঠনটোৰ পৰা অৱসৰ লোৱা প্ৰতিষ্ঠাপক নেতা চেৰিশস্তাৰফিল্দ থাংকিউৰ তথ্য এয়া।

উত্তৰ-পূবত খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতাৰ সন্মুখীন হোৱা নাগৰিকত্ব বিধেয়কসৃষ্ট পৰিৱেশতে পুনৰ সক্ৰিয়তা দেখা গৈছে প্ৰায়সকল প্ৰতিষ্ঠাপক নেতাই অৱসৰ লোৱা সংগঠনটোৰ। শেহতীয়াকৈ এটা ৰায়ত বিধেয়কখনৰ “সমৰ্থন”ত মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এচ আৰ সেনৰ মন্তব্যতো যোৱা ডিচেম্বৰত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সংগঠনটোৱে।

“আমি আমাৰ ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিম। সশস্ত্ৰ আন্দোলনৰ বাহিৰে আমাৰ আন বিকল্প নাই,” এই শপত লৈ নতুন সমিতি গঠন ঘোষণা কৰিছে বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰা সংগঠনটোৱে।

KSU, FKJGP, RBYF, HNYF, HANM, HYC, JSU, JYF আদি খাচি সংগঠনক ঐক্যবদ্ধ হৈ থাকিবৰ বাবেও আহ্বান জনাইছে ১৯৮৭ চনত গঠন হোৱা সংগঠনটোৱে। মন কৰিবলগীয়া এই সমূহ খাচি সংগঠনে বিধেয়কৰ সৰ্বাত্মক বিৰোধিতা কৰিছে।

সংগঠনটোৱে কয় যে এই প্ৰে’ছাৰ গ্ৰুপসমূহ (সংগঠনসমূহ) হিনিউত্ৰেপ (Hynñiewtrep/ seven huts— সকলো খাচি গোষ্ঠীক বুজোৱা অৰ্থত)ৰ মূল স্তম্ভ।

কোনো “জাতি বা ধৰ্ম”ৰ বিৰোধী নহয় বুলিও পুনৰ দোহাৰিছে সংগঠনটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd