NORTHEAST NOW (Assamese)

এটা আৱেগিক টুইটেৰে কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ মহেন্দ্ৰ সিং ধোনীলৈ অনুৰোধ

July 12, 2019 8:15 am · এন ই নাও নিউজ
এম এচ ধোনী আৰু লতা মংগেশকাৰ

চলিত বিশ্বকাপত ছেমিফাইনেলত ভাৰতীয় ক্ৰিকেট দলটো নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় সংগীতজগতৰ মাতৃ স্বৰূপ লতা মংগেশকাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেট ৰক্ষক বেটছমেন মহেন্দ্ৰ সিং ধোনীলৈ টুইটাৰযোগে বিশেষভাৱে অনুৰোধ কৰিছে।

কোকিল কোণ্ঠী গায়িকাগৰাকীয়ে নিজৰ টুইটাৰযোগে টুইট কৰি মহেন্দ্ৰ ধোনীক তেওঁৰ মনত থকা অৱসৰৰ সিদ্ধান্ত পৰিত্যাগ কৰিবলৈ অনুৰোধ কৰি দেশৰ হকে খেলি যোৱাৰ বাবে আহ্বান জনায়।

টুইটাৰত বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে এনেদৰে লিখিছে ‘নমস্কাৰ এম এচ ধোনী জি। আজি কালি মই শুনিবলৈ পাইছো যে আপুনি অৱসৰৰ কথা ভাবি আছে, অনুগ্ৰহ কৰি আপুনি তেনেদৰে নাভাবিব। দেশক আপোনাৰ খেলৰ প্ৰয়োজন আছে আৰু এয়া মোৰ অনুৰোধ যে আপুনি মনত অৱসৰৰ সিদ্ধান্তৰ বিষয়ে নানিব’।

উল্লেখযোগ্য যে, বহু ক্ৰীড়া সমালোচকে বিশ্বকাপৰ ছেমিফাইনেলখন ধোনীৰ কেৰিয়াৰৰ অন্তিমখন খেল বুলি উল্লেখ কৰাৰ সময়তে লতা মংগেশকাৰৰ আৱেগিক টুইটে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

লতা মংগেশকাৰৰ উপৰিও প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ছোৱেইব আখতাৰ, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ক্লাৰ্ক আদিৰ দৰে তাৰকা খেলুৱৈয়ে ধোনীৰ সপক্ষত থিয় দিছে।

Related News