NORTHEAST NOW (Assamese)
Popular Stories

হোৱাটছএপত বৃহৎ পৰিৱৰ্তন ঘোষণা মেটা-ৰ! কিন্তু কি কি হ’ব সলনি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 7, 2025 10:32 am

মেছেজিং এপ হিচাপে হোৱাটছএপে সদায় এটা শীৰ্ষ স্থানত আছে। এই মেছেজিং এপটোৱে যোগাযোগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। এইবাৰ মেটাই আৰু কিছু নতুন পৰিৱৰ্তন আনিছে হোৱাটছএপত। এই পৰিৱৰ্তনে এপটোক আৰু অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা কৰা হৈছে।

নতুন আপডেট ভইচ আৰু ভিডিঅ কল দুয়োটাতে প্ৰযোজ্য। এতিয়াৰ পৰা যদি আপুনি গ্ৰুপ কল কৰিব বিচাৰে তেন্তে অংশগ্ৰহণকাৰী নিৰ্বাচন কৰি সেই কলৰ বাবে এটা চৰ্টকাট তৈয়াৰ কৰিব পাৰিব (মোবাইল আৰু ৱেব সংস্কৰণ দুয়োটাতে)। ইয়াৰ উপৰিও ভিডিঅ কলত ইফেক্ট আৰু ফিল্টাৰ যোগ কৰিব পাৰি, ঠিক ইনষ্টাগ্ৰামত ব্যৱহাৰ কৰা ধৰণৰ। পটভূমিও কাষ্টমাইজ কৰিব পাৰি। পূৰ্বৰ তুলনাত ভিডিঅ ৰিজলিউচনতো যথেষ্ট উন্নতি হৈছে।

এই নতুন বৈশিষ্ট্যসমূহৰ সুবিধা লবলৈ হলে আপোনাৰ ডিভাইচত হোৱাটছএপৰ শেহতীয়া সংস্কৰণ থাকিব লাগিব। আৰু সেইবাবেই গুগল প্লে ষ্টৰ বা এপ ষ্টৰত গৈ হোৱাটছএপ আপডেট কৰিব লাগিব৷

অৱশ্যে ই নিৰাপদ। কাৰণ হোৱাটছএপ কল আৰু চ্চেট দুয়োটা আচলতে এণ্ড টু এণ্ড এনক্ৰিপ্ট কৰা হয়। গতিকে তেওঁৰ ব্যক্তিগত গোপনীয়তা সম্পূৰ্ণৰূপে বজাই ৰখা হব। ৱেবৰ জৰিয়তে কল কৰাৰ সময়তো, আপোনাৰ IP ঠিকনা আনৰ পৰা লুকাই থাকিব। কিন্তু সমস্যাটো আন ঠাইত নিহিত হৈ আছে। যিহেতু ই গ্ৰুপ কল, গতিকে সকলোকে বিশ্বাস নকৰিলে গোপনীয় তথ্য শ্বেয়াৰ নকৰাটোৱেই উত্তম। কাৰণ কোনোবাই স্ক্ৰীণ ৰেকৰ্ডিং কৰি আছে নে নাই নাজানে। গতিকে সেই সাৱধানতা বজাই ৰখা ভাল।