NORTHEAST NOW (Assamese)

কাৰ্গিল যুদ্ধৰ হিৰো মিগ-২৭ ক আনুষ্ঠানিকভাৱে বিদায় জনালে ভাৰতীয় বায়ুসেনাই

December 27, 2019 11:20 am · এন ই নাও নিউজ
মিগ-২৭

১৯৯৯ চনৰ ভাৰত-পাকিস্তান কাৰ্গিল যুদ্ধৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় বায়ু সেনা বাহিনীৰ মিগ-২৭ যুদ্ধ বিমানক আনুষ্ঠানিকভাৱে বিদায় জনাই ভাৰতীয় বায়ু সেনাই।

শুকুৰবাৰে অন্তিমবাৰৰ বাবে ৰাজস্থানৰ যোধপুৰ এয়াৰবেছৰ পৰা আকাশত উৰা মাৰে মিগ-২৭ যুদ্ধ বিমানে।

ভাৰতীয় বায়ু সেনা বাহিনীয়ে মিগ-২৭ যুদ্ধ বিমানক আনুষ্ঠানিকভাৱে বিদান জনোৱাৰ পাছত সংগ্ৰহালয়ত স্থান পাব এসময়ত শত্ৰু পক্ষৰ মাজত ত্ৰাস সৃষ্টিকাৰী মিগ-২৭ বিমানে।

উল্লেখযোগ্য যে, প্ৰায়ে দুৰ্ঘটনাৰ সন্মুখিন হৈ অহা মিগ-২৭ বিমানৰ বাবে বায়ু সেনা বাহিনীয়ে সমালোচনাৰ সন্মুখিন হ’বলগীয়াত পৰিছিল।

বিভিন্ন দিশৰ পৰ্যালোচনা চলাই ভাৰতীয় বায়ু সেনা বাহিনীয়েও ৰাছিয়াত নিৰ্মিত বিমানখনক বিদায় জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সম্পৰ্কত মত প্ৰকাশ কৰি বায়ু সেনাৰ জেষ্ঠ বিষয়াই এনেদৰে কয়, ‘‘বৰ্তমান কোনো দেশে মিগ-২৭ ব্যৱহাৰ নকৰে। আমাৰ দেশতো মিগ-২৭ ইতিহাস হ’ব। ভাৰতীয় বায়ু সেনা বাহিনী নতুন প্ৰযুক্তিৰ সৈতে সম্পূৰ্ণৰূপে আধুনিক হ’বলৈ গৈ আছে।’’

ভাৰতীয় বায়ু সেনাবাহিনীয়ে বৰ্তমান ছুখয়-৩০, স্বদেশত নিৰ্মিত মিৰাজ আদি যুদ্ধ বিমান ব্যৱহাৰ কৰি আছে। নতুনকৈ বায়ুসেনাবাহিনীত ৰাফেল ৰাফেল বিমানো অন্তৰ্ভূক্ত কৰা হৈছে।

Related News