NORTHEAST NOW (Assamese)

শান্ত হোৱা নাই মণিপুৰ: আছাম ৰাইফলছৰ কনভয়ত আক্ৰমণ সশস্ত্ৰ বিদ্ৰোহীৰ

November 17, 2023 11:59 am · এন ই নাও নিউজ, গুৱাহাটী

উত্তপ্ত মণিপুৰলৈ এতিয়াও ঘূৰি অহা নাই শান্তি। বৃহস্পতিবাৰে পুৱা সংঘৰ্ষজৰ্জৰ ৰাজ্যখনৰ টেঙনৌপাল জিলাৰ চাইবোল অঞ্চলত বিস্ফোৰক ব্যৱহাৰ কৰি আছাম ৰাইফলছৰ সৈন্যৰ এটা কনভয়ত আক্ৰমণ চলায় সশস্ত্ৰ বিদ্ৰোহী সংগঠনে।

আছাম ৰাইফলছৰ দলটোৱে অঞ্চলটোত গতানুগতিক টহল দিয়াৰ উদ্দেশ্যে যাত্ৰাৰ সময়তে এই আক্ৰমণ সংঘটিত হয়। বিস্ফোৰণৰ পিছতে বিদ্ৰোহী দলটোৱে গুলীচালনা কৰে সেনাৰ দলটোৰ ওপৰত।

অৱশ্যে এই আক্ৰমণত আছাম ৰাইফলছৰ কোনো জোৱান আহত হোৱা নাই বুলি সদৰী কৰা হৈছে। আছাম ৰাইফলছৰ এজন বিষয়াৰ মতে, পুৱা প্ৰায় ৯.৩০ বজাত চাইবোলত থকা আছাম ৰাইফলৰ অপাৰেটিং বেছৰ পৰা ২০ জন জোৱানক স্থানান্তৰিত কৰা হৈছিল।

দলটোক আক্ৰমণৰ উদ্দেশ্যে সশস্ত্ৰ উগ্ৰপন্থীয়ে কম ক্ষমতাসম্পন্ন আই ই ডি ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে আছাম ৰাইফলছৰ বাহনলৈ গুলীচালনা কৰে বিদ্ৰোহীৰ দলটোৱে।

বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰা মতে, এই আক্ৰমণৰ প্ৰত্যুত্তৰত সেনাৰ দলটোৱে প্ৰত্যাক্ৰমণ চলাই উগ্ৰপন্থী দলটোৰ আক্ৰমণ বিফল কৰে। আক্ৰমণকাৰী দলটোৰ সন্ধানত অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলি তেওঁ লগতে সদৰী কৰে।

Related News