NORTHEAST NOW (Assamese)

ৰাজস্থানত দুৰ্ঘটনাত পতিত সেনাৰ বিমানঃ কোনোমতে প্ৰাণৰক্ষা দুই পাইলটৰ

March 12, 2024 3:38 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজস্থানত আজি সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে এখন সেনাৰ বিমান।

ৰাজ্যখনৰ জইছালমেৰৰ জৱাহৰ নগৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।

অৱশ্যে দুৰ্ঘটনাত কোনো হানি-বিঘিনি ঘটাৰ পৰে ৰক্ষা পৰিছে দুইগৰাকী পাইলট।

দুৰ্ঘটনাৰ পিছতে দুয়োজন পাইলটক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত সম্প্ৰতি সবিশেষ তথ্য প্ৰকাশ পোৱা নাই।

Related News