NORTHEAST NOW (Assamese)

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান

January 28, 2020 11:55 am · কল্পজ্যোতি শইকীয়া

সোমবাৰে নতুন দিল্লীত ঐতিহাসিক বড়ো চুক্তি সম্পাদনাৰ পিছতেই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো শান্তি আলোচনাৰ বাবে আহিবলৈ আহ্বান জনাইছে।

মঙলবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয়, ‘অসম আৰু মণিপুৰৰ আটাইকেইটা বিদ্ৰোহী সংগঠনক শান্তি প্ৰক্ৰিয়ালৈ ঘূৰি আহিবলৈ অনুৰোধ জনাইছো। পৰেশ বৰুৱালৈ আহ্বান তেওঁ যাতে আলোচনাৰ মেজলৈ আহে। আলোচনাৰ বাবে ভাৰত চৰকাৰ ৰৈ আছে ‘।

তেওঁ আৰু কয়, ‘বড়োলেণ্ডৰ দৰে সমগ্ৰ অসম আৰু উত্তৰ-পূবৰ স্থায়ী শান্তি আৰু প্ৰগতিৰ বাবে পৰেশ বৰুৱা আলোচনালৈ আহিব লাগে’।”

বৰুৱাই যদি ইচ্ছা কৰে ভাৰত চৰকাৰ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু বুলি অমিত শ্বাহে জনোৱা বুলিও সংবাদমেলত হিমন্তই প্ৰকাশ কৰে।

‘শান্তি হ’বলৈ হ’লে সকলোকে লগত লৈ আলোচনা হ’ব লাগিব। কালি যিদৰে NDFB ৰ চাৰিটা গোটৰ নেতৃত্বৰ লগত আলোচনা হৈছে। আলোচনাপন্থী সকলৰ লগত কেন্দ্ৰীয় চৰকাৰৰ আলোচনা চলি আছে চলি থাকিব কিন্তু বাহিৰলৈ ওলাই আহিলে আলোচনাটো অধিক সফল হ’ব। সেয়েহে নহা সকলক ওলাই আহিবলৈ আহ্বান জনাইছো’। এইদৰে মন্তব্য কৰে হিমন্তই।

উল্লেখ্য যে সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই স্বাক্ষৰ কৰে ঐতিহাসিক শান্তি চুক্তিত।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত স্বাক্ষৰিত চুক্তিখনত এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগতে বি পি এফৰ মুৰব্বী প্ৰধান হাগ্ৰামা মহিলাৰী আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও স্বাক্ষৰ কৰে।

Related News