NORTHEAST NOW (Assamese)

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনত ৯৫ শতাংশ আসন দখল কৰিব বিজেপিয়ে: পীয়ুষ হাজৰিকা

November 23, 2020 2:22 pm · চানু গগৈ
ফাইল ফটো

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনত ৯৫ শতাংশ আসন দখল কৰিব বিজেপিয়ে। বদৰুদ্দিন আজমলক বৰ পীৰা পাৰি দিয়াসকল আছিল বদন। এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

আনহাতে, লুৰিনজ্যোতিয়ে বিয়া পাতিবৰ বাবে আছু ত্যাগ কৰিছে নে ৰাজনীতি কৰিবলৈ কৰিছে সেয়া নাজানে বুলিও কয় মন্ত্ৰী হাজৰিকাই।

জাগীৰোড সমষ্টিৰ ধৰমতুলৰ বিজেপি দলৰ এক ৰাজহুৱা সভাত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মৌলানা বদৰুদ্দিন আজমলক এছামে বৰ পীৰা পাৰি আগন্তক সময়ত তেওঁলোকেই আচল মোগল বুলি কটাক্ষ কৰে।

ইফালে আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ৯৫ শতাংশ আসনেই বিজেপি দলে লাভ কৰিব বুলিও দৃঢ়তাৰে ঘোষণা কৰে।

আনহাতে, সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আছুৰ লুৰিনজ্যোতিয়ে ব্যক্তিগত কাৰণত আছু ত্যাগ কৰিছে নেকি মন্ত্ৰী পীযুষ হাজৰিকাই সেয়া কব নোৱাৰে ৷

Related News