NORTHEAST NOW (Assamese)

ৰাজধানী এক্সপ্ৰেছৰ চলন্ত ইঞ্জিনত জুই! : ক’ত কেনেকৈ? সুৰক্ষিত নে যাত্ৰীসকল?

January 4, 2021 10:40 am · এন ই নাও নিউজ

ৰাজধানী এক্সপ্ৰেছৰ এখন ট্ৰেইনৰ ইঞ্জিনত সংঘটিত হৈছে অগ্নিকাণ্ড। দক্ষিণ কেন্দ্ৰীয় ৰে’লেৱই জনাইছে এই কথা।

ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে নিশা প্ৰায় ৯ বজাত দিল্লীৰ পৰা বাংগালুৰু অভিমুখে যাত্ৰা কৰা দিল্লী-বাংগালুৰু ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিনত চলন্ত অৱস্থাতে তেলেংগানাৰ বিকাৰাবাদত অগ্নিৰ সূত্ৰপাত ঘটে।

ৰে’লেৱ বিষয়া চি ৰাকেশে জনোৱা অনুসৰি দিল্লী-বাংগালুৰু ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে নাৱান্গী ৰে’লৱে ষ্টেশ্যন অতিক্ৰম কৰাৰ পিছতে ইঞ্জিনটোত অগ্নিকাণ্ডৰ সংঘটিত হয়।

প্ৰথমতে ৰে’লৰ চালকজনে ইঞ্জিনত জুই প্ৰত্যক্ষ কৰে আৰু লগে লগে ৰে’লখন ৰখাই দিয়ে। ইয়াৰ পিছতে অগ্নিনিৰ্বাপনৰ বাবে উক্ত ঠাইলৈ জুই নিৰ্বাপন কৰা ৰে’লৱে বাহন প্ৰেৰণ কৰা হয়।

বাহনখনে কিছু সময়ৰ ভিতৰতে ইঞ্জিনত সূত্ৰপাত হোৱা অগ্নিক নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডটোত ৰে’লখনৰ কোনো যাত্ৰী হতাহত হোৱা নাই বুলি প্ৰকাশ কৰিছে দক্ষিণ কেন্দ্ৰীয় ৰে’লৱেই।

ইফালে ৰে’লৱেই জনাইছে যে বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

Related News