NORTHEAST NOW (Assamese)

গুৱাহাটীত মটৰ চাইকেলেৰে দুৰ্বৃত্তই অপহৰণ কৰি নিলে নাবালিকাক

November 20, 2023 10:21 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

সোমবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ সমীপত এগৰাকী নাবালিকাক  দুষ্কৃতিকাৰীয়ে অপহৰণ কৰাৰ খবৰ পোৱা গৈছে।

খবৰ অনুসৰি দুষ্কৃতিকাৰীয়ে পঞ্জীয়ন প্লেট নথকা এখন মটৰ চাইকেলত আহি ৬ বছৰীয়া নাবালিকাগৰাকীক অপহৰণ কৰে।

তাইৰ পিতৃ-মাতৃয়ে কয় যে শিশুটিক সন্দেহযুক্ত লোকে পুতলা দেখুৱাই প্ৰলোভিত কৰিছিল।

লগতে পঢ়কঃ ফাইনেলত পৰাজয়ৰ পিছত আৱেগৰ চকুপানী ঢাকি ৰোহিত ক’লে দলটোক লৈ গৰ্বিত; নেদেখুৱালে কোনো অজুহাত

গুৱাহাটীৰ সিজুবাৰী অঞ্চলৰ কনকলতা পথত সংঘটিত হৈছে এই ঘটনা।

অভিভাৱকৰ অভিযোগৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, মুক্তিপণৰ বাবে নে কোনো ব্যক্তিগত শত্ৰুতাৰ বাবে এই অপহৰণৰ ঘটনা সংঘটিত হৈছে তাৰ কাৰণ বিচাৰি তদন্ত চলি আছে।

লগতে পঢ়কঃ শক্তিশালী প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাজয়! স্বপ্নভংগৰ পিছত টীম ইণ্ডিয়াক কি বাৰ্তা কিংবদন্তি ক্ৰিকেটাৰৰ?

আৰক্ষীয়ে চিচিটিভি আৰু কাষৰীয়া অঞ্চলৰ পৰা পোৱা সূত্ৰৰ জৰিয়তে সন্দেহজনক লোকক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে। 

Related News